তামুলপুৰ মহকুমাৰ ভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ মুক্ত বিচৰণ; উপদ্ৰৱ অব্যাহত
ফটো: নৰ্থইষ্ট নাও।
তামুলপুৰ মহকুমাৰ ভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ লতে উপদ্ৰৱ অব্যাহত আছে। বনৰীয়া হাতীৰ আক্ৰমণত বহু ৰাইজে নিজৰ ঘৰ-বাৰী, কৃষি জাত সামগ্ৰীৰ লগতে সময়ে সময়ে হাতীৰ আক্ৰমণত প্ৰাণ ও হেৰুৱাব লগা হৈছে।
দেওবাৰে নিশা তামুলপুৰৰ বালাবাৰী গাঁৱত হাতীৰ বৃহৎ জাক এটাই তাণ্ডৱ চলায়।
হাতীৰ জাকটোৱে গাঁওখনৰ মৃত্যুঞ্জয় বিশ্বাস, অশ্বিনী বিশ্বাস আৰু ৰঞ্জিত বিশ্বাসৰ বাসগৃহ ভাঙি ছিঙি চুৰমাৰ কৰাৰ লগতে ঘৰত মজুত থকা ধান-চাউল খোৱাৰ লগতে নষ্টও কৰি পেলায়।
বস্তিৰ তামোল নাৰিকল আলু, পিয়াজ আদিৰ খেতি গচকি, খাই বিস্তৰ ক্ষতি সাধন কৰে বনৰীয়া হাতীৰ জাকটোৱে।
ইয়াকে লৈ অঞ্চলজুৰি বৃহৎসমস্যাৰ সৃষ্টি হোৱা বুলি স্থানীয় ৰাইজে জানিব দিয়ে।
প্ৰতি নিশাই এনেদৰে হাতীৰ আক্ৰমণত দিন নিয়াব লগা হৈছে স্থানীয় ৰাইজে।