কোভিডৰ নতুন প্ৰজাতি অমিক্ৰনৰ উৎপত্তিস্থল দক্ষিণ আফ্ৰিকাত এইবাৰ কোভিডত আক্ৰান্ত হ’ল দেশ খনৰেই ৰাষ্ট্ৰপতি।
দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি ছিৰিল ৰামাফোছাৰ দেহত কোভিডৰ উপস্থিতিৰ কথা নিশ্চিত কৰা হৈছে। কোভিডৰ দুটাকৈ ভেকচিন গ্ৰহণৰ পিছতো ৰামাফোছাৰ দেহত কোভিডে বাহ বান্ধিছে।
সম্প্ৰতি ৰাষ্ট্ৰপতিগৰাকীৰ চিকিৎসা চলি আছে আৰু তেওঁৰস্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলিয়েই জানিব পৰা গৈছে।
অৱশ্যে ৰাষ্ট্ৰপতিগৰাকী কোভিডৰ অমিক্ৰন ভাইৰাছত আক্ৰান্ত হৈছে নে নাই সেয়া অধিক পৰীক্ষাৰ পিছতহে নিশ্চিত কৰিব পাৰা যাব। ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত উপ-ৰাষ্ট্ৰপতি ডেভিড মাবুজাই ৰাষ্ট্ৰপতিৰ হৈ কাম-কাজ চম্ভালি আছে।
উল্লেখ্য দক্ষিণ আফ্ৰিকাতে উদ্ভৱ ঘটা অমিক্ৰনত এতিয়া দেশ খনৰ প্ৰায় ৩০ লাখ লোক আক্ৰান্ত হৈছে।
কোভিডৰ নতুন প্ৰজাতি অমিক্ৰণকলৈ এতিয়া সমগ্ৰ বিশ্বতে বিয়পি পৰিছে ত্ৰাস। ইতিমধ্যে এই প্ৰজাতিটোৰ উদ্ভৱ ঘটা দক্ষিণ আফ্ৰিকাৰ সৈতে বিশ্বৰ বহু কেইখন দেশে বিমান সেৱা বন্ধ কৰি দিছে।
এনে সময়তে অমিক্ৰনকলৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰিছে দক্ষিণ আফ্ৰিকাৰ এগৰাকী মহিলা চিকিৎসকে। অইগৰাকী চিকিৎসকেই প্ৰথমে দক্ষিণ আফ্ৰিকাত অমিক্ৰনৰ উপস্থিতিৰ কথা ধৰা পেলাইছিল।
দক্ষিণ আফ্ৰিকা মেডিকেল এছোচিয়েছনৰ অধ্যক্ষ ডাঃ এঞ্জেলিক কোৱেৎজীয়ে প্ৰকাশ কৰা মতে কোভিডৰ নতুন প্ৰজাতি অমিক্ৰনকলৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই। দক্ষিণ আফ্ৰিকাৰ চিকিৎসকগৰাকীয়ে প্ৰকাশ কৰা মতে অমিক্ৰণ প্ৰজাতিৰ কোভিডত আক্ৰান্ত লোক এজনৰ দেহত তেনেই সাধাৰণ লক্ষণে দেখা দিয়ে।
এনে লক্ষণসমূহ ঘৰত থাকি চিকিৎসা কৰিলেই নিৰ্মূল হয় বুলি তেওঁ মন্তব্য কৰিছিল। চীনত প্ৰথমে সংক্ৰমণ আৰম্ভ হৈ সমগ্ৰ বিশ্বতে বিয়পি পৰা ক’ৰ’না ভাইৰাছে নিতৌ সলনি কৰিছে ইয়াৰ চৰিত্ৰ।
কোভিডক ৰুধিবলৈ ভাৰতকে ধৰি বিশ্বৰ বহু কেই খন দেশে ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া যুদ্ধকালীন তৎপৰতাৰে চলাই গৈছে যদিও ঘনাই চৰিত্ৰ সলনি ঘটোৱা ক’ৰ’না ভাইৰাছৰ নতুন নতুন প্ৰজাতিয়ে আনকি ভেকচিনকো কেৰেপ নকৰা হৈছে।