ৰংজুলিত বহু হেক্টৰ ভূমিৰ ধাননি খাই তহিলং কৰিলে বন্যহস্তীয়ে; মূৰে-কপালে হাত কৃষকৰ

ৰংজুলি কেইবাখনো গাঁৱত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ জাকে জাকে বন্যহস্তীয়ে খেতিপথাৰত প্ৰৱেশ কৰি উছন কৰি গৈছে ধাননি ৷ ৰংজুলিৰ কেইবাখনো গাঁৱত ইতিমধ্যে বহু হেক্টৰ কৃষি ভূমিৰ ধাননি বন্যহস্তীয়ে খাই শেষ কৰি পেলোৱাত হাহাকাৰ অৱস্থা কৃষক সকলৰ মাজত ৷

বৃহৎ বৃহৎ হাতীৰ জাকে খেতিপথাৰত প্ৰৱেশ কৰাৰ ফলত ওৰে নিশা পহৰা দিও কৃষিভূমি ৰক্ষা কৰিব নোৱাৰি উপায়হীন হৈ পৰিছে বহু কৃষক ৷

ৰংজুলিৰ পাটপাৰা আদি অঞ্চলত বিগত দহ-পোন্ধৰ দিন ধৰি ৩০-৪০ জনীয়া হাতীৰ জাকে চলাইছে এনে সন্ত্ৰাস ৷ নিশা হ’লেই হাতীৰ জাকটোৱে বনাঞ্চলৰ পৰা কৃষকৰ পথাৰত প্ৰৱেশ কৰি এফালৰ পৰা ধাননি তহিলং কৰি গৈছে ৷ ফলত বৃদ্ধি হৈছে হাতী-মানুহৰ সংঘাত ৷ চকুৰ পচাৰতে হাতীৰ জাকে পথাৰৰ গেৰ ধৰা ধান খাই পেলোৱাত অসহায় হৈ চাই থাকিবলগীয়া হৈছে কৃষক সকল ৷

যোৱা নিশাও পাটপাৰা গাঁৱত উদয় ৰাভা নামৰ এগৰাকী কৃষকৰ ১২ বিঘাতকৈ অধিক ভূমিৰ ধান খেতি খাই শেষ কৰি পেলোৱাত এতিয়া মুৰে কপালে হাত দিবলগীয়া হৈছে কৃষক গৰাকী ৷ এসপ্তাহ পিছতে চপাবলগীয়া ধাননি দৰাও খাই শেষ কৰি পেলাইছে বন্যহস্তীৰ জাকে ৷

আনহাতে, হাতী-মানুহৰ সংঘাত ৰোধত চুড়ান্তভাৱে ব্যৰ্থ বন বিভাগ ৷ ভুক্তভোগী কৃষক সকলে উল্লেখ কৰা অনুসৰি মাজে মাজে বন বিভাগৰ লোক উপস্থিত হৈ হাতী সমুহক খেদি পথায় যদিও পিছমুহূৰ্ততে পুনৰ খেতিপথাৰত প্ৰৱেশ কৰি একেই উপদ্ৰৱ চলায় বন্যহস্তীৰ জাকে ৷ এফালৰ পৰা বন্যহস্তীৰ জাকে ধাহি-মুহি লৈ যায় ধাননি পথাৰ ৷ ফলত ৰাইজে বন্যহস্তীৰে সংঘাতত লিপ্ত হবলৈ বাধ্য হয় ৷