NORTHEAST NOW (Assamese)

বিহুৰ দিনাই অথন্তৰ: কৃষ্ণাইৰ লালাৰবড়ীত বনৰীয়া হাতীৰ তাণ্ডৱ

April 14, 2020 7:09 am · নীলমনি শৰ্মা
Updated: April 14, 2020 12:09 pm
ফটো: নৰ্থইষ্ট নাও

আজি পহিলা ব’হাগ ৷ ল’ক ডাউনৰ মাজতে প্ৰতিজন অসমীয়াই ঘৰতে উদযাপন কৰিছে ৰঙালী বিহু। ৰং অবিহনে হ’লেও পৰম্পৰা ৰক্ষা কৰা দেখা গৈছে অসমৰ প্ৰতিটো প্ৰান্তত ৷ কিন্তু এই পহিলা ব’হাগৰ দিনটোতে গৃহহীন হ’ল দুটা পৰিয়াল।

গৰু বিহুৰ নিশা বন্যহস্তীয়ে কৃষ্ণাইৰ লালাৰবড়ীত তচনচ কৰিলে কেইবাটাও বাসগৃহ ৷ খাই তহিলং কৰিলে ধান-চাউলৰ লগতে বিহু বুলি গোটাই থোৱা পিঠা-পোনা, দৈ-চিৰা ৷ যাৰ ফলত পলকতে কঙালীত পৰিণত হ’ল ৰঙালী ৷

বনাঞ্চলৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে এনেদৰে এফালৰ পৰা ভাঙি গ’ল ঘৰ সমূহ। এফালে কৰ’নাৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো চলি আছে ল’কডাউন আৰু তাতেই আকৌ ভূতৰ ওপৰত দানৱ পৰা দি বন্যহস্তীৰ উপদ্ৰৱ ৷

এতিয়া এই পৰিয়াল কেইটাৰ বিহুৰ দিনটোতো পাকঘৰত নজ্বলিল জুই। আনহাতে, দুখীয়া পৰিয়াল কেইটাৰ এই দৃশ্য দেখি ওলাই আহিল ওচৰ চুবুৰীয়া ৷

সকলোৱে মিলি হাতীয়ে ভাঙি থৈ যোৱা বাসগৃহ কেইটা মেৰামতি কৰি দিয়াৰ কিছু চেষ্টা কৰা দেখা গৈছে ৷

Related News