NORTHEAST NOW (Assamese)

কৃষ্ণাই-খেৰনিত বনৰীয়া হাতীৰ তাণ্ডৱ; ১০ টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড

December 15, 2018 5:40 pm · এন ই নাও নিউজ
Updated: December 15, 2018 5:51 pm

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ভেলাখামাৰ পথাৰত হাতীয়ে চলোৱা উপদ্ৰৱৰ বাবে অঞ্চলটোৰ কৃষকে মূৰে-কপালে হাত দিব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে আজি দীৰ্ঘদিন ধৰি অঞ্চলটোত উপদ্ৰৱ চলাই অহা বনৰীয়া হাতীৰ এটা জাকে আজি পুৱা অঞ্চলটোত উপস্থিত স্থানীয় কৃষি পথাৰত ব্যাপক তাণ্ডৱ চলায়।

ইফালে বন্যহস্তীয়ে দীৰ্ঘদিনৰ পৰা এনেদৰে অঞ্চলটোৰ কৃষি পথাৰত তাণ্ডৱ চলাই থকাৰ বাবে স্থানীয় কৃষক ৰাইজে তেওঁলোকৰ ধান চপোৱাৰ ক্ষেত্ৰতো ব্যাপক সমস্যাৰ সন্মুখীন হৈছে।

মন কৰিব লগীয়া যে বনৰীয়া হাতী জাকৰ দলটোৱে প্ৰতিদিনে কৃষক ৰাইজৰ খেতি পথাৰত তাণ্ডৱ চলাই ধাননি পথাৰ বিনষ্টি কৰি আহিছে যদিও স্থানীয় বন বিভাগ তথা জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। ফলত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে জিলা প্ৰশাসন তথা বন বিভাগৰ ওপৰত।

একেদৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰনিৰ বিভিন্ন প্ৰান্তটো বনৰীয়া হাতীয়ে তাণ্ডৱ চলায়। খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকটোৱে মাগুলী, হাৱাইপুৰ, হজাগাফাৰ আদি অঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱ চলাই ১০ টাতকৈও অধিক বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। লগতে খেতি পথাৰতো বহু বিনষ্ট কৰে।

Related News