NORTHEAST NOW (Assamese)

তিনিচুকীয়াৰ পেঙেৰীত বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যু

March 25, 2020 6:18 pm · মানস প্রতীম গগৈ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰীত বনৰীয়া হাতীৰ আক্ৰমণত মঙলবাৰে সন্ধিয়া এগৰাকী মহিলাৰ মৃত্যু হয়।

বাতৰি লিখা পৰ্যন্ত নিহত মহিলা গৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই যদিও ৫০ বছৰ উৰ্দ্ধৰ মহিলাগৰাকীক মানসিক ৰোগী বুলি সন্দেহ কৰিছে পেঙেৰী আৰক্ষীয়ে৷

জানিব পৰা মতে কালি নিশা প্ৰায় ৮ মান বজাত ডিগবৈ বনসংমণ্ডলৰ অন্তৰ্গত ৰজা আলি সংৰক্ষিত বনাঞ্চলৰ সমীপৰে খোজ কাঢ়ি আহি থকা মহিলা গৰাকীক বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত তেওঁৰ থিতাতে মৃত্যুক সাবটি লয়।

উল্লেখযোগ্য যে উক্ত অঞ্চলটোত খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতী আৰু স্থানীয় লোকৰ প্ৰায়ে সংঘাত হৈ আহিছে৷ অঞ্চলটোত হাতী মানুহৰ সংঘাট ৰোধ কৰাত বন-বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।

Related News