কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় সংযোজন এলেকাত আজি দিনৰ ভাগতে বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয় ৷ তৃতীয় সংযোজনৰ মৰা ডিফলুৰ পাৰত গৰু চৰাই থাকোতে বনৰীয়া হাতীয়ে ৰমেশ টপ্প নামৰ লোকজনক আক্ৰমণ কৰে৷ পাচত মুমুৰ্ষু অৱস্থাত স্থানীয় লোকে ৰমেশ টপ্পক উদ্ধাৰ কৰি বোকাখাতৰ চহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসালয়ত লোকজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷
মৃত লোকজনৰ ঘৰ মেথনি চাহ বাগিছাৰ স্কুল লাইনত বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে কাজিৰঙাৰ তৃতীয় সংযোজন এলেকা বন্যপ্ৰাণীৰ এক গুৰুত্বপূৰ্ণ ‘এনিমেল কৰিডৰ’৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পানবাৰী সংৰক্ষিত বনাঞ্চললৈ অহা-যোৱা কৰাৰ বাবে বন্যপ্ৰাণীয়ে সততে এই ‘কৰিডৰ’ ব্যৱহাৰ কৰে৷
আজিৰ এই ঘটনাৰ পূৰ্বেই যোৱা ৯ অক্টোবৰত এই সংযোজনৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত গাড়ীৰ খুন্দাত এটা মতা নাহৰফুটুকী বাঘৰ মৃত্যু হৈছিল ৷ উল্লেখ্য যে ৰমেশ টপ্প মেথনি চাহ বাগিছাৰ দ্বাৰাৰ নিয়োজিত গৰখীয়া আছিল৷