NORTHEAST NOW (Assamese)

Wild elephants দুধনৈত নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে চলালে ধ্বংসলীলা

July 28, 2022 7:45 am · নীলমণি শৰ্মা, দুধনৈ
Updated: July 28, 2022 7:57 am

দুধনৈত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস ৷ বৰঝাৰ বনাঞ্চলৰ পৰা নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে চলালে ধ্বংসলীলা ৷

পথাৰত খাবলৈ খাদ্যৰ অভাৱৰ ফলত হাতীৰ চকু এতিয়া গৃহস্থৰ ভঁৰালত ৷ দুধনৈৰ মাজু বৰগুম অঞ্চলত যোৱা নিশা অতৰ্কিতে প্ৰৱেশ কৰা ৩০/৩৫ জনীয়া এটা হাতীৰ জাকে ভাঙি তচনচ কৰিলে কেইবাটাও ঘৰ, ভঁৰাল ৷

আচবাব পত্ৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে খাই তহিলং কৰিলে গৃহস্থই সযতনে থোৱা ধান সমূহো। কেৱল এয়াই নহয়, ঘৰৰ ভিতৰত থকা টিভি, আলমীৰা সকলো কৰিলে তচনচ ৷ হাতীৰ আক্ৰমণৰ পৰা এগৰাকী বৃদ্ধা সহ এটা পৰিয়ালৰ কথমপিহে প্ৰাণ ৰক্ষা পৰে ৷

আনহাতে হাতীৰ পৰা ৰাইজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত চুড়ান্তভাৱে ব্যৰ্থ হৈছে গোৱালপাৰা জিলা বন বিভাগ ৷ নিশা হাতীৰ জাকটোক খেদি পঠিওৱা দূৰৰে কথা, ঘৰ ভাগি থৈ যোৱাৰ ১২ ঘন্টা পিছতো বন বিভাগৰ এজনো লোক আহি উপস্থিত নহ’ল গাঁৱখনত ৷

এতিয়া এনেদৰে গোৱালপাৰা জিলাৰ বনবিভাগে পালন কৰিছে নিজৰ দায়িত্ব ! বিপাঙত পৰিছে ৰাইজ।

Related News