• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ মেখেলা চাদৰ

বহি: ৰাজ্যৰ পৰা নিয়ন্ত্ৰণ হৈ আছে অসমৰ মেখেলা চাদৰৰ বজাৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
July 28, 2022 6:55 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মেখেলা চাদৰৰ বজাৰখন বহি: ৰাজ্যৰ পৰাই যে নিয়ন্ত্ৰণ হৈ আছে সেয়া পুনৰ প্ৰমাণিত হৈছে বঙাইগাঁও আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ বহিঃ ৰাজ্যত উৎপাদিত মেখেলা চাদৰৰ জৰিয়তে ৷

উল্লেখ্য যে বঙাইগাঁও আৰক্ষীয়ে এখন নৈশ বাছত চলোৱা অভিযানত বহিঃ ৰাজ্যৰ পৰা কঢ়িয়াই অনা ২৪ বেগ মেখেলা চাদৰ জব্দ কৰে ৷ লগতে আটক কৰে আঠজনকৈ ব্যৱসায়ীক ৷ এই সন্দৰ্ভত বুধবাৰে বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোণোৱালে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এক গোপন সূত্ৰৰ পমখেদি বঙাইগাঁও আৰক্ষীয়ে পশ্চিম বংগৰ কোচবিহাৰৰ পৰা গুৱাহাটী অভিমূখী নৈশ বাছ এখনত অভিযান চলায় ৷

Apply Now

এই অভিযানৰ সময়ত আৰক্ষীয়ে অবৈধ ফেক্টৰীত উৎপাদিত নথি পত্ৰ অবিহনে কঢ়িয়াই অনা বৃহৎ পৰিমাণৰ মেখেলা চাদৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে বঙাইগাঁও আৰক্ষীয়ে বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছখনত চলোৱা অভিযানত দুহেজাৰৰ অধিক মেখেলা চাদৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে লগতে মেখেলা চাদৰ কঢ়িয়াই অনা কোচবিহাৰৰ স্বপন দাস, ৰামকৃষ্ণ দাস, শিৱনাথ দাস, সুজিত দাস, আকিদুল হক, অশোক সূত্ৰধৰ আৰু অভিৰাম দাসৰ লগতে ধুবুৰীৰ মকবুল আলীক আটক কৰিছে৷

আৰক্ষীয়ে এই সন্দৰ্ভত বঙাইগাঁও সদৰ থানাত এটা গোচৰ ৰুজু কৰি কিমান দিনৰ পৰা এইদৰে বহিঃ ৰাজ্যৰ পৰা ফেক্টৰীত উৎপাদিত মেখেলা চাদৰ কঢ়িয়াই আনি থকা হৈছে আৰু কোন কোন প্ৰতিষ্ঠানক যোগান ধৰা হয় আদি বিষয়সমূহ তদন্ত কৰা হ’ব বুলি হয় ৷ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে আটকাধীন লোক সকলে প্ৰয়োজনীয় কোনো নথি পত্ৰ প্ৰদশৰ্ন কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে যিখন নৈশ বাছত মেখেলা চদৰসমূহ কঢ়িয়াই আনিছিল সেই বাছখনৰ নথি – পত্ৰ আৰক্ষীয়ে জব্দ কৰাৰ লগতে বিষয়টো ডিটিঅ আৰু টেক্স ডিপাৰ্টমেণ্টক অৱগত কৰা বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷ উল্লেখ্য যে আৰক্ষীয়ে জব্দ কৰা মেখেলা চাদৰসমূহ চুটি আৰু নুনী পাটৰ বুলি জানিব পৰা গৈছে ৷

থলুৱা বুলি বিক্ৰী কৰাৰ উদ্দেশ্যে পশ্চিম বংগৰ পৰা অসমলৈ কঢ়িয়াই অনাৰ সময়তে জব্দ কৰা মেখেলা চাদৰসমূহ চুটি আৰু নুনী পাটৰ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে বিষয়টো হস্ততাঁত বস্ত্ৰশিল্প বিভাগক অৱগত কৰিছে আৰু বিভাগেও বিষয়টো তদন্ত কৰিব ৷

পিছে অসমীয়া নাৰীৰ স্বাভিমানৰ প্ৰতীকস্বৰূপ মেখেলা চাদৰৰ বজাৰখন যে বহিঃ ৰাজ্যৰ পৰাই নিয়ন্ত্ৰণ হৈ আছে আৰক্ষীৰ অভিযানত পুনৰ প্ৰমাণ হ’ল ৷ এনে অৱস্থাত বহি:ৰাজ্যৰ পৰা নিয়ন্ত্ৰণ হৈ থকা অসমীয়া মেখেলা চাদৰৰ বজাৰৰ বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষই কেনেদৰে লব,সেয়া তদন্তত ওলাই পৰিব৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd