NORTHEAST NOW (Assamese)

কুমাৰীকাটাত নিশা বন্যহস্তীৰ তাণ্ডৱ,ঘৰ-দুৱাৰ ভাঙি বিধ্বস্ত

September 19, 2021 3:18 pm · দীপক কুমাৰ পাঠক, বাক্সা
Updated: September 19, 2021 3:22 pm

তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভূটান সীমান্তৰ কুমাৰীকাটাত বনৰীয়া হাতীৰ তাণ্ডৱ।

খাদ্যৰ সন্ধানত কুমাৰীকাটাত নিশা বন্যহস্তীয়ে পুনৰ তাণ্ডৱৰ সৃষ্টি কৰে।বনাঞ্চল ধ্বংস যজ্ঞৰ ফলত খাদ্য সংকটত গজৰাজ।

প্ৰতি নিশাই বৃহত্তৰ আঙাৰকাটা অঞ্চলৰ পলাশবাৰী, শান্তিপুৰ, বালাহাতী, খৈৰাণী আদি অঞ্চলত খাদ্যৰ সন্ধানত বিচৰণ কৰে হাতীৰ জাক।

খাদ্য বিচাৰি ঘৰ-দুৱাৰ ভাঙি বিধ্বস্ত কৰাৰ উপৰি ঘৰৰ সামগ্ৰী খাই, ভাঙি-চিঙি ধ্বংস কৰে।

বাৰীৰ গছ-গছনি ভাঙিও ধ্বংস যজ্ঞ চলায়। পথাৰ শস্য খাই কৰে তহিলং।

শনিবাৰে নিশা কুমাৰীকাটাত প্ৰৱেশ কৰে বৃহৎ হাতীৰ জাকে।

হাতীয়ে কুমাৰীকাটাস্থিত তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ চৌহদৰ বেৰ ভাঙি পেলায়।

আন কেইবাটাও পৰিয়ালৰ বাসগৃহৰ ক্ষতি সাধন।

তাৰ পিছত আঙাৰকাটা অঞ্চলত প্ৰৱেশ কৰে আৰু তাণ্ডৱ চলায়।

হাতীৰ আক্ৰমণত তীব্ৰ আতংকত ভুগিছে কুমাৰীকাটা অঞ্চলৰ ৰাইজ।

Related News