জোনাইৰ গ্ৰামাঞ্চলত বন্যহস্তীৰ বিচৰণ : সন্ত্ৰস্ত স্থানীয় বাসিন্দা
বিগত কেইদিন মান ধৰি জোনাইৰ গ্ৰামাঞ্চলত এজাক বনৰীয়া হাতীয়ে ঘূৰা-ফিৰা কৰি আছে আৰু ইয়াকে লৈ স্থানীয় বাসিন্দাসকল সন্ত্ৰস্ত হৈ পৰিছে। হাতীৰ জাকটোৱে খেতিয়কসকলৰ শস্যপথাৰৰ ক্ষতি কৰিছে বুলি জানিব পৰা গৈছে। ফলত দুখীয়া খেতিয়কসকল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে।
উল্লেখযোগ্য যে পোবা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে জোনাই চক্ৰৰ অন্তৰ্গত চপাবৰ সময় হোৱা খেতি পথাৰৰ লগতে ফল-মূলৰ গছৰো ব্যাপক ক্ষতিসাধন কৰিছে।
স্থানীয় ৰাইজে জনোৱা মতে অঞ্চলটোত প্ৰায় ১০ একৰ পৰ্মাণৰ কৃষিভূমি হাতীয়ে নষ্ট কৰিছে। ৰাইজে আৰু অভিযোগ কৰা মতে এই ত্ৰেত্ৰত অৱগত হোৱাৰ পাছতো সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই।
বন বিষয়াসকলৰ মতে বনৰীয়া হাতীৰ জাকটো খাদ্যৰ সন্ধানত ছিছি বনাঞ্চলৰ পৰা ওলাই আহিছে। তেওঁলোকে আৰু কৈছে যে হাতীৰ জাকটো ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ব্ৰহ্মপুত্ৰৰ উজনিত থকা পোবা ৰাষ্ট্ৰীয় উদ্যানৰ নামনি অংশৰ মাজেৰে থকা এলিফেণ্ট কৰিডৰেৰেও আহিব পাৰে।
জোনাই ৰেঞ্জৰ বন বিষয়া ফাকৰুল ইছলামেএ কৈছে যে শেহতীয়াভাৱে নিৰ্বনানীকৰণৰ বাবে হাতী-মানুহৰ সংঘাট ক্ৰমশঃ বাঢ়ি আহিছে।
আনহাতে যোৱা ২৫ তাৰিথে পুৱা পোবা সংৰক্ষিত বনাঞ্চলৰ সমীপস্থ বেৰাচাপৰি ধাননি পথাৰত প্ৰৱেশ কৰা এটা পূৰ্ণ-বয়স্ক মতা হাতী ৰহস্যজনকভাৱে মৃত্যু মুখত পৰিছে। বন বিষয়াসকলে হাতীটোৰ মৃত্যুত কোনো দুস্কৃতিকাৰী জড়িত থাকিব পাৰে বুলি সন্দেহ কৰিছে।
জানিব পৰা মতে ৩টা হাতীৰ এটা জাকে আহি ২৪ অক্টোবৰৰ নিশা চপাবৰ সময় হোৱা ধাননি পথাৰত প্ৰৱেশ কৰি ধান খাই শেষ কৰিছে।
স্থানীয় বাসিন্দাসকলে জনোৱা মতে বনৰীয়া হাতীয়ে জোনাই ৰেঞ্জৰ অন্তৰ্গত বৰং চাপৰি আৰু ধেমাজি ৰেঞ্জৰ অনতৰ্গত ছিছি এলেকাৰ খেতি পথাৰ আৰু সাম্পত্তি নষ্ট কৰিছে।