NORTHEAST NOW (Assamese)

অস্তিত্বহীন বন বিভাগ: ওদালগুৰিত গীৰ্জা, ঘৰ ভাঙি তহিলং বনৰীয়া হাতীৰ; গুৰুতৰভাৱে আহত বৃদ্ধ

August 10, 2018 7:26 pm · চাজিদ খান
Updated: August 10, 2018 7:35 pm

বন বিভাগৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন তুলি ওদালগুৰিৰ ভাৰত-ভুটান সীমান্তত দুখীয়া মানুহৰ ঘৰ, খেতিপথাৰ তহিলং কৰিছে বনৰীয়া হাতীয়ে।

বৃহস্পতিবাৰে পুৱা ওদালগুৰিৰ পানেৰী থানাৰ অন্তৰ্গত উত্তৰ গুৰুৱাঝাৰ গীৰ্জাটো হাতীৰ জাকে ভাঙি সম্পূৰ্ণৰূপে লণ্ড-ভণ্ড কৰি পেলোৱাৰ লগতে বিৰ্চাই পানিকা নামৰ এজন লোকৰ বাসগৃহৰ লগতে তেওঁৰ ভঁড়ালৰ শস্যও নষ্ট কৰি পেলায়।

হাতী জাকৰ আক্ৰমণত ঘাচিয়া বৰ্লা নামৰ এজন ৭০ বছৰীয়া বৃদ্ধও গুৰুতৰভাৱে আহত হৈছে। দৰিদ্ৰ বৃদ্ধজনে প্ৰধান মন্ত্ৰী গ্ৰামীন আৱাস যোজনাৰ অধীনত পোৱা ঘৰটোও হাতীৰ জাকটোৱে ভাঙি পেলায়।

আনহাতে যোৱা বহুদিন ধৰি ওদালগুৰিৰ হাতীগড় চাহ বাগিচাত এটা বনৰীয়া মখনা স্থানীয় লোকে ঘূৰি ফুৰা দেখিছ যদিও আজিলৈকে বন বিভাগে হাতীটো খেদাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ কৰিছে।

Related News