NORTHEAST NOW (Assamese)

লাওখোৱাৰ শালপাৰাত বিদ্যুতস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু

October 29, 2019 5:55 pm · ভাৰ্গব হাজৰিকা
ফটো : নৰ্থ-ইষ্ট নাও

হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰ শালপাৰা অঞ্চলত মঙলবাৰে পুৱা এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হয়।

জানিব পৰা মতে, চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰ শালপাৰা অঞ্চলৰ বনগাঁৱৰ এখন পথাৰত সংযোগ কৰি ৰখা বিদ্যুত পৰিবাহী তাঁৰত লাগি হাতীটোৰ মৃত্যু হৈছে।

মৃত্যুৰ খবৰ শুনি ঘটনাস্থলত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ লগতে অন্যান্য যাৱতীয় কাম-কাজ সম্পন্ন কৰে।

স্থানীয় লোকে জনোৱা অনুসৰি লাওঁখোৱাৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা উক্ত হাতীটোৱে দীৰ্ঘ দিন ধৰি অঞ্চলটোৰ কৃষি ভূমি বিনষ্ট কৰি আহিছিল। হাতীটোৰ উপদ্ৰৱৰ পৰা নিজৰ খেতি পথাৰখন ৰক্ষা কৰাৰ স্বাৰ্থত এইদৰে কোনো কৃষকে পথাৰত বিদ্যুত পৰিবাহী তাঁৰ সংযোগ কৰি ৰাখিছিল।

পথাৰত বিদ্যুত সংযোগ কৰা অভিযুক্তজনক বন বিভাগে চিনাক্ত কৰাৰ সমান্তৰাল ভাৱে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ লগতে অভিযুক্তক বিচাৰি আৰক্ষীয়ে অঞ্চলটোত ব্যাপক অভিযান আৰম্ভ কৰিছে।

Related News