বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ বগামাটিত বনৰীয়া হাতীৰ মৃত্যু

মৃত্যু হোৱা বনৰীয়া হাতীটো

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিৰ দাউৰাইঝাৰত নিশা এটি বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ  চাঞ্চল্যৰ সৃষ্টি কৰিছে।

খাদ্যৰ সন্ধানত বৰনদী অভয়াৰণ্যৰ পৰা ওলাই অহা জাক-জাক বনৰীয়া হাতীয়ে বিগত বছৰ সমূহত ভাৰত – ভূটান সীমান্তৰ গ্ৰাম্যঞ্চলৰ লোকৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷

বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত বিগত পোন্ধৰটা বছৰত তামুলপুৰ মহকুমাত হাতী আৰু মানুহৰ সংঘাতৰ ফলত শতাধিক লোকে প্ৰাণ হেৰুৱাৰ লগতে চৈধ্যটাকৈ বনৰীয়া হাতী মৃত্যু মুখত পৰিছে আৰু বহুটো পৰিয়াল গৃহহাৰা হৈছে ৷

ইপিনে, হাতী-মানুহৰ সংঘাতৰ পৰিণতিতেই কালি নিশা ভাৰত- ভূটান সীমান্তৰ বগামাটি পৰ্যটনথলীৰ সমীপৰ দাউৰাইঝাৰত বিদ্যুতস্পৃষ্ট হৈ এটা বনৰীয়া মাখুন্দী হাতীৰ মৃত্যু ঘটে ৷

আজি ৰাতিপুৱা পথৰ ওচৰত মৃত অৱস্থাত বনৰীয়া হাতী এটা পাৰি থকা  প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে নাগ্ৰীজুলি আৰক্ষী চকী আৰু তামুলপুৰৰ  বনবিভাগৰ লোকক খবৰ দিয়ে ৷

খবৰ লাভ কৰি  ঘটনাস্থলীত নাগ্ৰীজুলি আৰক্ষী চকীৰ উপ – আৰক্ষী পৰিদৰ্শক প্ৰফুল্ল ব্ৰহ্ম আৰু বনবিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত হয়  আৰু হাতীটো উদ্ধাৰ কৰি ঘটনাৰ বুজ লয় ৷

স্থানীয় লোকে জানিব দিয়া মতে, বৰনদীৰ অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা মাখুন্দী হাতীটোৱে গছৰ ডাল ভাঙি খাবলৈ লওঁতে গছডালৰ ওপৰেদি যোৱা বৈদুতিক তাঁৰত  লাগি হাতীটো বিদ্যুৎস্পৃষ্ট হয় আৰু হাতীটোৰ ঘটনাস্থলীতে মৃত্যু হয়।

অঞ্চলটোৰ ৰাইজে মৃত হাতীটোক পুষ্পাঞ্জলি দি শ্ৰদ্ধা জ্ঞাপন কৰে। ইপিনে বন বিভাগে মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি ধৰ্মীয় নীতি নিয়মৰে সমাধিস্থ কৰাৰ ব্যৱস্থা কৰে ৷