NORTHEAST NOW (Assamese)

ভাৰত-ভূটান সীমান্তৰ নাগ্ৰীজুলিত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল দুৰ্ভগীয়া খেতিয়কৰ

October 31, 2019 6:17 pm · দীপক কুমাৰ পাঠক
বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা দুৰ্ভগীয়া খেতিয়কজন

ভাৰত-ভূটান সীমান্তৰ বক্সা জিলাৰ নাগ্ৰীজুলিত বৃহস্পতিবাৰে নৰেশ চন্দ্ৰ মণ্ডল(৬০) নামৰ এগৰাকী খেতিয়কৰ বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয়।

নৰেশ চন্দ্ৰ মণ্ডল নাগ্ৰীজুলি আৰক্ষী থানাৰ অন্তৰ্গত জয়পুৰ গাঁৱৰ বাসিন্দা আছিল।

জানিব পৰা মতে, খাদ্যৰ সন্ধানত বুধবাৰে ভুটান পাহাৰৰ পৰা এটা বৃহৎ বনৰীয়া হাতীৰ জাক নাগ্ৰীজুলি অঞ্চলৰ গনেশপুৰ গাঁৱত প্ৰবেশ কৰে আৰু প্ৰায় ৩০ বিঘা খেতিপথাৰৰ ধান খাই, উপদ্ৰৱ চলাই নষ্ট কৰে।

বুধবাৰে গনেশপুৰ গাঁৱত উপদ্ৰৱ চলোৱাৰ পাছত বৃহস্পতিবাৰে হাতীৰ জাকটোৱে জয়পুৰ গাঁৱত প্ৰৱেশ কৰে আৰু খেতিপথাৰত উপদ্ৰৱ চলাই পাহাৰ অভিমুখে গতি কৰে।

হাতীৰ জাকটোৱে উভতি গৈ থকা অৱস্থাত খেতিপথাৰত নৰেশ চন্দ্ৰ মণ্ডলক দেখা পাই আৰু আক্ৰমণ কৰি এটা গাতত পেলাই থৈ যায়।

হাতীৰ আক্ৰমণত দুৰ্ভগীয়া খেতিয়কগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় লোকে তেওঁক তামুলপুৰ অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও আধা বাটতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখযোগ্য যে, ভাৰত-ভূটান সীমান্তৰ নাগ্ৰীজুলি অঞ্চলত দীৰ্ঘসময়ৰ পৰা বনৰীয়া হাতীয়ে জনাঞ্চলত উপদ্ৰৱ চলাই আহিছে।

অঞ্চলটোৰ ৰাইজে এই ক্ষেত্ৰত বন বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাই আহিছে যদিও বন বিভাগ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে।

Related News