NORTHEAST NOW (Assamese)

গোৱালপাৰাত বনৰীয়া হাতীৰ তাণ্ডৱ; নিশা হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

December 28, 2019 12:21 pm · নীলমণি শৰ্মা
গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণৰ পাছৰ দৃশ্য

গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। শনিবাৰে পুৱতি নিশা ঢেঁকীয়াবাৰী-নয়াপাৰাত এটা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত প্ৰৱেশ কৰি মামুদ ৰাভাৰ বাসগৃহত আক্ৰমণ চলাই তিনিটা ঘৰ লণ্ড ভণ্ড কৰে।

হাতীটোৱে ঘৰ লণ্ডভণ্ড কৰাৰ লগতে ধান,চাউল খাই সা-সম্পত্তি বিনষ্ট কৰে।

পুৱতি নিশা প্ৰকাণ্ড বনৰীয়া হাতীটোৱে মামুদ ৰাভৰ বাসগৃহ চুৰমাৰ কৰাৰ পৰাছত এতিয়া থাকিবলৈ থাই নোহোৱা হৈছে পৰিয়ালটোৰ।

আনহাতে, একে নিশাই চাৰিগাঁৱৰ আন তিনিটা পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰে অকলশৰীয়া বনৰীয়া হাতীটোৱে।

নিতৌ বনৰীয়া হাতীয়ে দুধনৈ আৰু কৃষ্ণাইত উপদ্ৰৱ চলাই আহিছে। কৰোবাত যদি দুটা হাতী আন কৰোবাত অকলশৰীয়া হাতীয়ে সন্ত্ৰাস চলাইছে।

শুক্ৰবাৰে নিশা কৃষ্ণাইৰ ঢেঁকীয়াবাৰী আৰু চাৰিগাঁৱত হাতীটোৱে কেইবাটাও ঘৰ ভঙাৰ পিছতে অসম-মেঘালয় সীমান্তৰ খাৰদাং চৰকপাৰাত এজন লোকক আক্ৰমণ কৰে। হাতীটোৰ আক্ৰমণত থিতাতে নিহত দুৰ্ভগীয়া মহেন ৰাভা নামৰ লোকজনৰ।

নিজ ভাতৃৰ বাসগৃহ হাতীয়ে ভাঙি থকা অৱস্থাত ৰাইজৰ সহযোগত হাতীটো খেদিব যোৱাৰ সময়তে ওলটাই হাতীটোৱে খেদি আহে আৰু মহেন ৰাভাক নামৰ গচকি নিহত কৰে ৷

উল্লেখযোগ্য যে, এই হাতীতোৱে বিগত কিছু দিনৰ পৰা সমগ্ৰ জিলাখনতে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও বন বিভাগ হাতীটো নিয়ন্ত্ৰণ কৰি ৰাইজক নিৰাপত্তা দিয়াত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে।

Related News