NORTHEAST NOW (Assamese)

ওদালগুৰিত পুনৰ আক্ৰমণ বনৰীয়া হস্তীৰ, আহত চাহ বাগিচাৰ শ্ৰমিক

September 20, 2018 7:32 pm · চাজিদ খান
আহত কুজুৰ। ছবি- নৰ্থ ইষ্ট নাও।

ওদালগুৰি জিলাৰ ভাৰত-ভুটান সীমান্তত বনৰীয়া হস্তী আৰু মানৱৰ মাজত অৱসান ঘটা নাই সংঘাতৰ। বৃহস্পতিবাৰে পুৱা এজাক বনৰীয়া হস্তীৰ আক্ৰমণত বদলাপাৰা চাহ বাগানত আহত হয় ভুলকান কুজুৰ (৩৬ বছৰীয়া) নামৰ এজন লোক।

জানিব পৰা মতে পুৱা পথাৰত পাইখানা কৰিবলৈ যাওঁতেই বনৰীয়া হস্তীৰ জাকৰ আক্ৰমণৰ বলি হয় লোকজন।

কুজুৰক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় আৰু বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

আহত কুজুৰৰ ঘৰ বাগিচাখনৰ বৰো বজাৰ লাইনত।

হস্তীৰ জাকটো এতিয়াও বাগিচাখনতে থকা বুলি জানিব পৰা গৈছে।

Related News