কলিয়াবৰত পথাৰ এৰি এইবাৰ ভঁৰালৰ ধান খাই তহিলং বনৰীয়া হাতীৰ

কলিয়াবৰৰ বহুকেইখন গাঁৱৰ খেতি পথাৰ নষ্ট কৰাৰ পিছত এইবাৰ ভঁৰাল ভাঙি ধান খোৱাত লাগিছে বনৰীয়া হাতী।

খাদ্যৰ সন্ধানত কামাখ্যা পাহাৰৰ নামি অহা হাতীয়ে বুধবাৰে পুৱতি নিশা কলিয়াবৰৰ নাগশঙ্কৰ, দুলাল-মাধৱ আদি এলেকাত উপদ্ৰৱ কৰাৰ লগতে ৩টা পৰিয়ালৰ ভঁৰাল পৰ্য্যন্ত ভাঙি ধান খায়। পৱন বৰা, পুষ্পেন্দ্ৰ ভাগৱতী আৰু অনিল শইকীয়াৰ নামৰ লোককেইজনৰ ভঁৰালৰ ধানৰ খোৱাৰ লগতে সিঁচিও নষ্ট কৰে হাতীৰ জাকে।

আনহাতে বনবিভাগৰ লোকে নিশাই অঞ্চলটোত উপষ্ঠিত হৈ খেদি পঠিয়ালে বন্যহস্তীৰ জাকটোক।

কলিয়াবৰৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ এই উপদ্ৰৱে স্থানীয় ৰাইজৰ নিদ্ৰাহৰণ কৰাৰ বিপৰীতে ৰাইজক আশ্বস্ত কৰাকৈ কোনো পদক্ষেপ বন বিভাগে লোৱা নাই বুলি অভিযোগ উঠিছে।

হাতী-মানুহৰ সংঘাত কেতিয়ালৈ চলি থাকিব সেই লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে অঞ্চলবাসীয়ে।