কুমাৰীকাটাত বন বিভাগৰ উদ্যোগত বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠান

aaaabbIMG_20201007_131027

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ উদ্যোগত আয়োজিত ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ আজি সফল সামৰণি পৰে ।

বাক্সা জিলা বন সংমণ্ডলৰ উদ্যোগত আৰু কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ সহযোগত আয়োজিত এই বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠান উপলক্ষ্যে আজি  কুমাৰীকাটা শংকৰদেৱ শিশু নিকেতনত ছাত্র-ছাত্ৰী সকলৰ মাজত পৰিবেশ সম্পৰ্কীয় ঠাইতে লিখা  ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

ৰচনা প্ৰতিযোগিতাৰ অন্তত দিনৰ ১২-০০ বজাত  অনুষ্ঠিত হয় এখন সজাগতা সভা।

পৰিবেশ কৰ্মী হিচাপে এনাজৰী বঁটা প্ৰাপক তথা সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীয়ে আঁত ধৰা সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ আগবঢ়ায় কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ আঞ্চলিক বন বিষয়া প্ৰণৱ দাসে ।

সভাত বন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ধৰণীধৰ বড়োৱে তেওঁ বন্যপ্ৰাণী সংৰক্ষণৰ উপৰি হাতী মানুহৰ সংঘাতৰ বিষয়ত  এক তত্বগধূৰ ভাষণ আগবঢ়ায় ।

সম্পূৰ্ণ কোভিড ১৯ প্ৰট’কল মানি অনুষ্ঠিত কৰা সজাগতা সভাখনত এছ এছ বিৰ সহকাৰী কামাণ্ডেণ্ট প্ৰভাকৰ , মদন মোহন ভট্ট , শংকৰদেৱ শিশু নিকেতনৰ উপ প্ৰধান আচাৰ্য কমল বায়ন , তামুলপুৰ বনাঞ্চলিক বন বিষয়া নগেন ঠাকুৰীয়া , উপ বনাঞ্চলিক বিষয়া ফুকন ডেকা, বন বিভাগৰ কৰ্মচাৰী বীৰেন বড়ো আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি আৰু শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

এই প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ- ছাত্ৰী সকলক বন বিভাগৰ ফালৰ পৰা পুৰস্কাৰ প্ৰদান কৰা হয় ।