উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আৰু গুৰুত্বপূৰ্ণ কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই বানপানীৰ সময়ত কাজিৰঙাই নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা বন্যপ্ৰাণী উদ্ধাৰত অন্যতম ভূমিকা পালন কৰিছে ৷ সম্প্ৰতি কেন্দ্ৰটোত দুটাকৈ গঁড় পোৱালী প্ৰতিপালিত হৈ আছে ৷
কাজিৰঙাৰ পানবাৰীত থকা এই কেন্দ্ৰটোৱে শেষতীয়া বানপানীত কাজিৰঙাৰ বিভিন্ন প্ৰান্তৰৰ পৰা উদ্ধাৰ হোৱা বন্যপ্ৰাণীক পৰিচৰ্যা কৰি পুনৰ বনাঞ্চলত মুকলি কৰে। বানপানীৰ সময়ত ২৪ ঘন্টাই কৰ্মৰত কেন্দ্ৰটোৰ কৰ্মচাৰী সকল ৷
শেহতীয়া বানপানীত কেন্দ্ৰটোৱে বিভিন্ন প্ৰান্তৰৰ পৰা উদ্ধাৰ কৰি অনা মুঠ ৬৪ টা বন্যপ্ৰাণীৰ প্ৰতিপালন কৰে ৷ ইয়াৰে ৫৩ টা ছাগলী পহু ,২ টা গঁড় পোৱালী, ১ টা হাতী পোৱালী ,২ টা দল হৰিণ ,১ টা শৰ পহু আৰু সাপকে ধৰি অনান্য ৫ প্ৰাণীক প্ৰতিপালন কৰে ৷ চিকিৎসাৰ পাচত উদ্ধাৰ কৰা ৫২ টা বন্যপ্ৰাণীক পুনৰ বনাঞ্চলত মুকলি কৰি দিয়া হয় ৷
ইপিনে, ইয়াৰে ৬ টা ছাগলী পহু, ২ টা গঁড় পোৱালীক সম্প্ৰতি কেন্দ্ৰটোত প্ৰতিপালন কৰি থকা হৈছে ৷ মাতৃহাৰা গঁড় পোৱালী দুটাক কিছু ডাঙৰ নোহোৱালৈকে কেন্দ্ৰটোতে প্ৰতিপালন কৰা হব ৷
উল্লেখ্য যে শেহতীয়া বানপানীৰ সময়ত মুঠ ১৮৭ টা বন্যপ্ৰাণীয়ে প্ৰাণ হেৰুৱা বুলি বিভাগীয় সুত্ৰত প্ৰকাশ পাইছে ৷ ইয়াৰে ১৬ টা পহুয়ে গাড়ীৰ খুন্দাত ৩৭ নং ৰাষ্ট্ৰীয় পথত মৃত্যু মুখত পৰে ৷ বাকী ১৫৫ টা বন্যপ্ৰাণীৰ পানীত পৰি মৃত্যু হয় ৷ বানত ৰাষ্ট্ৰীয় উদ্যান খনত ১৫ গঁড়ৰ মৃত্যু হয় আৰু এটা গঁড়ে পাহাৰৰ পৰা পৰি মৃত্যুক আঁকোৱালি ল’ব লগা হয় ৷
মন কৰিবলগীয়া যে ৰাষ্ট্ৰীয় উদ্যানখনত পানী দ্ৰুত গতিত শুকাইছে যদিও কাজিৰঙাৰ মুঠ ১৯৯ টা বন শিৱিৰৰ ভিতৰৰ ২৭ টা বনশিৱিৰৰ তলত এতিয়াও পানী আছে ৷