শাসনলৈ আহিলেই জি এছ টিৰ গাঁথনি সলনি কৰিব কংগ্ৰেছে, এই ঘোষণা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে! মোদী উপাধি গোচৰত দোষী সাব্যস্ত হৈ সাংসদ পদ হেৰুওৱাৰ পাছতে কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত এইদৰে সৰ্বস্ব উজাৰি দিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যেৰে দুদিনীয়া ভ্ৰমণসূচী লৈ কৰ্ণাটকত ব্যস্ত হৈ পৰিছে ৰাহুল গান্ধী।
আগন্তুক নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দুদিনীয়া কৰ্ণাটক ভ্ৰমণৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৃষকৰ দুৰ্দশাক আওকাণ কৰা কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। ৰাহুল গান্ধীৰ অভিযোগ যে এজন বা দুজন উদ্যোগপতিৰ বাবে গুৰুত্ব দি বিজেপি চৰকাৰে কৃষকসকলক পিঠি দিছে। ৰাহুল গান্ধীৰ মতে কৃষকসকল উপকৃত হ’বলৈ হ’লে উদ্যোগপতিৰ প্ৰতি থকা চৰকাৰৰ বিশেষ অনুকম্পা আৰু কৃষকৰ প্ৰতি থকা কুদৃষ্টি সলনি কৰিব লাগিব চৰকাৰে।
“আদানী আৰু আম্বানীয়ে হাজাৰ হাজাৰ কোটি টকা বেংকৰ ঋণ পৰিশোধ কৰিবলৈ থাকিলেও বেংকলৈ গ’লে সহজেই ঋণ পায়। কিন্তু দুখীয়া কৃষকে বেংকলৈ গ’লওে ঋণ লাভ নকৰে। গতিকে মই কৈছো যে সমতা থাকিব লাগিব। যদি আপুনি ডাঙৰ উদ্যোগপতিক ঋণ দিয়ে, তেন্তে কৃষকো ঋণ দিব লাগিব।’-ৰাহুল গান্ধীয়ে কয়।
সোমবাৰে বেনলাগাৱীৰ ৰামদুৰ্গ অঞ্চলত কুঁহিয়াৰ খেতিয়কসকলক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে যদি ৰাজ্যখনত কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে কৃষকসকলৰ বাবে বিশেষ কিছুমান পদক্ষেপ গ্ৰহণ কৰিব।
“এইটো সঁচা যে আপোনালোকক ফচলৰ সঠিক মূল্য দিয়া নহয়। মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে। গেছ চিলিণ্ডাৰ আৰু ইন্ধনৰ দাম বৃদ্ধি পাইছে আৰু সেই অনুপাতে আপোনালোকৰ আয় অতি কম। মাত্ৰ এটা কামেৰে কৃষকসকলে সকাহ নাপাব। আমি আপোনালোকৰ উপাৰ্জন বৃদ্ধি কৰিব লাগিব আৰু তাৰ বাবে এখন বিপণনৰ ক্ষেত্ৰও প্ৰদান কৰিব লাগিব।” ৰাহুল গান্ধীয়ে লগতে কয়।
কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা জি এছ টি বিশেষ কেইজনমান লোকৰ বাবে কৰা বুলিও অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে। “জিএছটি কেৱল প্ৰভাৱশালীসকলক সহায় কৰিবলৈ অনা হৈছে। ই ইমানেই জটিল যে বহুতে জি এছ টি কি ভালদৰে বুজি নাপায়৷ ইয়াৰ ফলতে বন্ধ হৈ পৰিছে ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান। আমি দিল্লীত ক্ষমতালৈ আহিলে এই জি এছ টিৰ গাঁথনি সলনি কৰিম। মাত্ৰ এটা কৰ থাকিব আৰু ই ন্যূনতম নিৰিখত হ’ব।”