• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম বিধানসভা নির্বাচন: বিগত নিৰ্বাচনৰ ভোটৰ অংশক এইবেলি বিজয়লৈ ৰূপান্তৰিত কৰিব পাৰিবনে কংগ্ৰেছে?

ৰাজু দেউৰী by ৰাজু দেউৰী
March 5, 2021 5:45 pm
Congress-1-750x375
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত কোনে মাৰিব বিজয়ৰ শেষ হাঁহি?

বিগত নিৰ্বাচনত লক্ষ্যণীয় ভাবে কংগ্ৰেছে ৰাজ্যৰ গৰিষ্ঠ সংখ্যক ভোটৰ অংশ দখল কৰিবলৈ সক্ষম হৈছিল যদিও ভালে সংখ্যক আসনতে সামান্য সংখ্যক ভোটৰ ব্যৱধানত পৰাস্ত হ’বলগীয়া হৈছিল।

এইবেলি কংগ্ৰেছৰ পূৰ্বৰ ভোটৰ অংশক বিজয়ী আসনলৈ ৰূপান্তৰিত কৰাত দলটো সফল হয় নে নাই সেয়া লক্ষ্যণীয় হৈ পৰিব।বিগত বিধানসভাৰ নিৰ্বাচনত  ১২৬ খন আসনৰ ভিৰৰে ৬০ খন আসন লাভেৰে বিজেপি গৰিষ্ঠসংখ্যক আসন লাভ কৰা দলত পৰিণত হৈছিল।বিপৰীতে কংগ্ৰেছে লাভ কৰা আসনৰ সংখ্যা আছিল ২৬ খন।অন্যান্য দলৰ ভিতৰত মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে লাভ কৰিছিল ১৩ খন, অতুল বৰা নেতৃত্বাধীন অগপই ১৪ খন,হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে ১২ খন আৰু নিৰ্দলীয় এজন প্ৰাৰ্থী বিজয়ী হৈছিল।পৰৱৰ্তী সময়ত বিজেপিয়ে অগপ আৰু বিপিএফৰ সৈতে থকা নিৰ্বাচনী মিত্ৰতা অনুসৰি মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিছিল।

বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৰাহুল গান্ধী আৰু তদানীন্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰয়াত অঞ্জন দত্ত তথা তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত নিভাচনত অৱতীৰ্ণ হৈছিল।আনহাতে বিজেপিয়ে দলটোৰ তদানীন্তন সভাপতি অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ তদানীন্তন ৰাজ্যিক সভাপতি সৰ্বানন্দ সোণোৱাল তথা কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিৰ্বাচনী যুঁজত ভাগ লৈছিল।

বিগত বিধানসভাৰ নিৰ্বাচনৰ ভোটৰ অংশ বিশ্লেষণ কৰিলে দেখা যায় যে ২০১৬ চনৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰা ভোটৰ অংশ আছিল ৩০.৯ শতাংশ। আনহাতে বিজেপিৰ পক্ষলৈ যোৱা ভোটৰ অংশ আছিল ২৯.৯ শতাংশ।

সেইবেলি অগপই ৮.১ শতাংশ,বিপিএফে ৩.৯ শতাংশ. এআইইউডিএফে ১৩.০৫ শতাংশ ভোট লাভ কৰিছিল।আটাইতকৈ বেছি ভোটৰ অংশ কংগ্ৰেছৰ পক্ষলৈ যোৱাৰ পিছতো অৱশ্যে বিগত নিৰ্বাচনত দলটোৱে বিজয়ৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সমৰ্থ নহ’ল।

বহু কেইটা সমষ্টিত অতি কম ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী পৰাস্ত হ’ল।মোদী ঢৌ,প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু দুৰ্নীতিৰ বিৰুদ্ধে হোৱা জনতাৰ জাগৰণে সেইবেলি কংগ্ৰেছক পুনৰ শাসনৰ মধু পান কৰিবলৈ নিদিলে।বিগত নিৰ্বাচনত কংগ্ৰেছে লাভ কৰা ভোটৰ অংশৰ হিচাবটোকেই এইবাৰ যদি দলটোৱে ধৰি ৰাখিব অথবা বৃদ্ধি কৰিব পাৰে তেন্তে দলটো লাভৱান হোৱাৰ আশাই বেছি। কংগ্ৰেছে ইতিমধ্যে এই সন্দৰ্ভত ৰণকৌশল প্ৰস্তুত কৰাও দেখা গৈছে।

ভোটাৰক আকৃষ্ট কৰাৰ বাবে কংগ্ৰেছে পাঁচটা নিশ্চিতি ক্ৰমে পাঁচ লাখ লোকক কৰ্ম সংস্থাপন,কা বাতিল কৰিব পৰাকৈ আইন প্ৰণয়ন,২০০ ইউনিটলৈ বিনামূলীয়া বিদ্যুৎ,প্ৰতিমাহে গৃহিনীক ২০০০ কৈ টকা প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক বানচ ৩৬৫ টকা কৰা ৰ কথা ঘোষণা কৰিছে।

নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ বাবে কংগ্রেছে এআইইউডিএফ,চিপিআই, চিপিএম,চিপিআই(এম এল), আঞ্চলিক গণ মৰ্চা আৰু বিফিএফৰ সৈতে মিত্ৰতা কৰিছে।এনে মিত্ৰতাই এইবেলি কংগ্রেছৰ ভোট বিভাজন বাধা দিব পাৰিব বুলি ধাৰণা কৰা হৈছে।

বিজেপিক ৰুধিবলৈ কংগ্ৰেছ মহাজোঁটে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা নাই বুলিও বিভিন্ন মহলত আলোচনা হোৱা দেখা গৈছে।

ইয়াৰোপৰি কংগ্ৰেছে বিজয়ৰ সম্ভাৱনা নথকা প্ৰাৰ্থীক এইবেলি টিকট দিয়াৰ সিদ্ধান্ত লোৱা নাই।এনেবোৰ ৰণকৌশলৰ জৰিয়তে এইবাৰ কংগ্ৰেছ মহাজোঁটে বিজেপিৰ বিৰুদ্ধে সাজু হৈছে। ফলাফল কি হয় সেয়া অৱশ্যে সময়ে নিৰ্ধাৰণ কৰিব।

ৰাজু দেউৰী

ৰাজু দেউৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd