কাশ্মীৰক লৈ সৰৱ আছিল ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী; ষ্টাৰ্মাৰৰ দিনত কেনেকুৱা হ’ব ভাৰতৰে সম্পৰ্ক?

ব্ৰিটেইনৰ শাসনত এইবাৰ লেবাৰ পাৰ্টি। ঋষি সুনকক বিপুল ব্যৱধানত পৰাস্ত কৰি ১০ ডাউনিং ষ্ট্ৰীটৰ নতুন স্বত্বাধিকাৰী কেইৰ ষ্টাৰ্মাৰ। ৪০০ৰো অধিক আসন লাভ কৰিলেও বাস্তৱত তেওঁক কেন্দ্ৰ কৰি ইমান উন্মাদনা নাই।

আৰম্ভণিৰে পৰাই লেবাৰ পাৰ্টিৰ নেতা ষ্টাৰ্মাৰৰ জয়ৰ আশা কৰা হৈছিল। কাৰণ যোৱা ১৪ বছৰত কনজাৰ্ভেটিভসকলৰ বাবে ৰাণীৰ দেশৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছে। সা-সামগ্ৰীৰ দাম বাঢ়িছে। স্বাস্থ্য ব্যৱস্থাও ভাঙি পৰিছে। ফলত ঋষি সুনকৰ বিদায় মাথোঁ সময়ৰ অপেক্ষা আছিল।

কিন্তু নতুন প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰ ভাৰতৰ বাবে কিমান লাভজনক হ’ব পাৰে সেই চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। ৰাজনৈতিক মহলৰ মতে নতুন প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰ ভাৰতৰ বাবে বিশেষ অনুকূল নহ’ব। কাৰণ ইয়াৰ পূৰ্বে কেইৰ ষ্টাৰ্মাৰে নতুন দিল্লী বিৰোধী স্থিতি গ্ৰহণ কৰিছিল।

লগতে পঢ়কঃ ইৰাণৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত সংস্কাৰপন্থী মাছুদ পেজেস্কিয়ান

২০১৯ চনত ভাৰতে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছত কাশ্মীৰক লৈ লেবাৰ পাৰ্টিয়ে জৰুৰী প্ৰস্তাৱ গৃহীত কৰিছিল। কোৱা হৈছিল যে “কাশ্মীৰত বৃহৎ পৰিসৰৰ মানৱ অধিকাৰ সংকট চলি আছে।” আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকসকলক তালৈ যাবলৈ আহ্বান জনোৱা হৈছিল।

পিছলৈ অৱশ্যে ব্ৰিটিছ ভাৰতীয় সম্প্ৰদায়ৰ বৃহৎ প্ৰতিক্ৰিয়াৰ পিছত কাৰ্বিনে কাশ্মীৰ বিষয়টোক ভাৰত আৰু পাকিস্তানৰ মাজত “দ্বিপাক্ষিক বিষয়” হিচাপে গণ্য কৰে। ২০১৯ চনত বিপুল ভোট লাভ কৰি এক সংখ্যাৰ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহিছিল নৰেন্দ্ৰ মোডী। তাৰ পিছত তেওঁ কাশ্মীৰৰ ৩৭০ অনুচ্ছেদ আঁতৰাবলৈ তৎপৰ হয়। সেই সময়ত ষ্টাৰ্মাৰে কাশ্মীৰৰ বিষয়ে কৰা মন্তব্যক ব্ৰিটেইনত বসবাস কৰা ভাৰতীয়সকলে ভালদৰে গ্ৰহণ কৰা নাছিল। ফলত ২০১৯ চনৰ ব্ৰিটিছ নিৰ্বাচনত ষ্টাৰ্মাৰৰ দল পৰাজিত হয়।

কিন্তু নতুন প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে হয়তো জাতীয় স্বাৰ্থৰ খাতিৰত ভাৰতৰ সৈতে শত্ৰুতা বৃদ্ধি কৰিব নিবিচাৰিব। বিশেষকৈ ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তি ব্ৰিটেইনৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ পূৰ্বে বৰিছ জনছন পৰা ঋষি সুনকে বহু চেষ্টা কৰিও চুক্তি সম্পূৰ্ণ কৰাত ব্যৰ্থ হয়।

লগতে পঢ়কঃ“আগষ্টৰ ভিতৰত পতন হ’ব মোডী চৰকাৰৰ”, লালু প্ৰসাদ যাদৱৰ বিস্ফোৰক দাবী

এইবাৰ অর্থনৈতিক পৰিস্থিতি পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ সৈতে চুক্তিত সফলতাৰে স্বাক্ষৰ কৰাটোও ষ্টাৰ্মাৰৰ বাবে এক ডাঙৰ প্রত্যাহবান৷ গতিকে কাশ্মীৰ বা ভাৰতক লৈ তেওঁ আগতে যি নেতিবাচক মন্তব্য কৰিছিল, হয়তো ষ্টাৰ্মাৰে সেই পথত পুনৰ ভৰি নিদিয়ে। ৰাজনৈতিক মহলে এই বুলিয়েই ধাৰণা কৰে।