NORTHEAST NOW (Assamese)

বিজেপিৰ ইচ্ছাত চৰকাৰী কাৰ্য্যসূচীত মাছ-মাংস নেদেখিব আমিষভোজী উত্তৰ-পূববাসীয়ে?

January 1, 2019 10:13 pm · এন ই নাও নিউজ
Updated: January 1, 2019 10:17 pm
লোকসভাৰ প্ৰতীকী ছবি। loksabha tv আৰু scroll.inৰ সৌজন্যত।

পৰম্পৰাগত আমিষ খাদ্যাভ্যাসৰ বাবে জনাজাত উত্তৰ-পূববাসীয়েও চৰকাৰী কাৰ্য্যসূচীত হয়তো দেখিবলৈ নাপাব মাছ-মাংস।

শাসনাধীন বিজেপি সদস্যৰ উদ্যোগৰ ফলত চৰকাৰী কাৰ্য্যসূচীত নিষিদ্ধ হ’ব পাৰে আমিষ ভোজন।

চৰকাৰী কাৰ্য্যসূচীত আমিষ খাদ্য নিষিদ্ধকৰণৰ বাবে যোৱা শুকুৰবাৰে চলিত লোকসভাত এখন ব্যক্তিগত (private member’s bill) উত্থাপন কৰিছে বিজেপি সাংসদ পাৰ্ভেশ চাহিব সিঙে।

জীৱ-জন্তুৰ অবাধ “হত্যা” আৰু “পৰিৱেশৰ প্ৰতি ক্ষতিকাৰক” হোৱাৰ বাবে এই নিষিদ্ধকৰণ বিচাৰিছে পশ্চিম দিল্লীৰ বিজেপি সাংসদজনে।

ভাৰতৰ পৰম্পৰাগতভাৱে নিৰামিষভোজী লোকসকলে এই উদ্যোগৰ নিশ্চয় আদৰণিয়েই জনাব, কিন্তু আমিষ খাদ্যতহে অভ্যস্ত উত্তৰ-পূববাসীৰ বাবে ই আৰামদায়ক নহ’বও পাৰে।

উল্লেখযোগ্য যে মেঘালয়ৰ যোৱা বিধান সভা নিৰ্বাচনৰ সময়ত “গো মাংস নিষিদ্ধকৰণ” হুলস্থূলীয়া বিষয়ত পৰিণত হৈছিল। ৰাজ্যখনৰ কেইবাগৰাকীও বিজেপি নেতাই এই কথাক লৈয়ে দলত্যাগ কৰি “গো মাংসৰ ভোজ” আয়োজন কৰিছিল।

Related News