• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলোচনাপন্থী আলফাৰ সহযোগত ৭০ টা জাতীয় সংগঠনৰ মৰণপণ সংগ্ৰামৰ হুংকাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 1, 2019 9:52 pm
28-12-18 Guwahati- Akhil Gogoi press meet (4) (1)

বিধেয়কৰ বিৰুদ্ধে ভয়াবহ আন্দোলন গঠি তুলিবলৈ সাজু ৭০ টা সংগঠনৰ নেতৃত্ব। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি, আৰ এছ এছ, নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱালে কৰা বিশ্বাসঘাতকতাত ক্ষুভিত আৰু হতাশগ্ৰস্ত হৈ পৰিছে ৰাজ্যৰ ৭০ টাকৈ জাতীয় সংগঠন। সেয়েহে কাইলৈৰ পৰা সমগ্ৰ অসম জুৰি অতিকৈ ভয়াবহ আন্দোলনৰ কাৰ্য্যসূচী হাতত ল’ব সংগঠনকেইটাই। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এই কথা সদৰী কৰে সদৌ অসম অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি তথা ৭০ টা সংগঠনৰ অন্যতম নেতা ৰুবুল দাসে।

উল্লেখ্য যে, মঙ্গলবাৰে কাজিৰঙাৰ অৰ্কিড উদ্যানত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পৰৱৰ্তী আন্দোলন কাৰ্য্যসূচী সন্দৰ্ভত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই অংশগ্ৰহণো কৰে।

Apply Now

উক্ত বৈঠকতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০ টা সংগঠনৰ আন্দোলনৰ কাৰ্য্যসূচীত আলোচনাপন্থী আলফাৰ সম্পূৰ্ণৰূপে সমৰ্থন থাকিব বুলি সদৰী কৰে। এই কথা আমাৰ সাংবাদিকক দাসে জনায়।

‘’যি মুহূৰ্তত আলোচনাপন্থী আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা চলি আছে, সেই আলোচনাকো কেৰেপ নকৰি আলফা নেতা অনুপ চেতিয়াই অংশগ্ৰহণ কৰে উক্ত বৈঠকত। তেওঁ বৈঠকত কৈছিল যে যদি কিবা কাৰণত আলফা-চৰকাৰৰ আলোচনাও বিফল হৈ যায় তথাপি মৰণপণ যুঁজ দিব আলোচনাপন্থী আলফাই,‘’ দাসে আমাৰ আগত এইদৰে কয়।

ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়কখন সম্পূৰ্ণৰূপে বাতিল কৰাৰ স্বাৰ্থত যিকোনো পৰিস্থিতিৰ বাবে ৭০ টা সংগঠনৰ প্ৰতিনিধিসকল সাজু হৈ উঠিছে। এই কথা জানিবলৈ দি দাসে লগতে কয়, ‘‘পৰিস্থিতি সাপেক্ষে গুলী খাবলৈও সাজু হৈ আছে ৭০ টা সংগঠনৰ নেতৃবৃন্দ।‘’

আনকি, প্ৰশাসন যন্ত্ৰটো অচলাৱস্থাৰ সন্মুখীন হ’বলৈ সাজু থাকক বুলি হুংকাৰ দিয়ে ৭০ টা সংগঠনৰ নেতাজনে।

‘প্ৰয়োজন সাপেক্ষে আত্মজাহৰ দৰে কাৰ্য্যসূচী গ্ৰহণ কৰিব ৭০ সংগঠনৰ নেতৃবৰ্গই,‘’- এই হুংকাৰ দাসৰ।

সৰ্বতোপ্ৰকাৰৰ বল প্ৰয়োগ কৰি হ’লেও এই বিলখন গৃহীত হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব। সকলো নেতাৰে প্ৰস্তাৱ গ্ৰহণ কৰি ৭০ টাকৈ জাতীয় সংগঠনৰ নেতৃবৃন্দই ‘মৰণপণ সংগ্ৰাম’ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে জাতীয় দল-সংগঠনসমূহ।

ইপিনে, ৭০ টা সংগঠনৰ নেতা দাসে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দি কয়, “বিধেয়কৰ বিৰুদ্ধে অসমত ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হ’লেও আমাৰ কোনো কুন্ঠাবোধ নাথাকিব। এতিয়াৰ পৰা অসমৰ খিলঞ্জীয়া জনসাধাৰণে নিজকে পৰাধীন দেশৰ নাগৰিক হিচাপে গণ্য কৰা উচিত।‘’

তাৎপৰ্যপূৰ্ণভাৱে, চহিদ বৰণ কৰি হ’লেও এনেধৰণৰ জাতিধ্বংসী সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব বুলি ৭০ টা সংগঠনৰ হৈ দাসে হুংকাৰ দিয়ে।

মঙ্গলবাৰৰ বৈঠকত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াকে আদি কৰি অন্য সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকি তেওঁলোকে কেতবোৰ প্ৰস্তাৱ আগবঢ়ায়। সেইবোৰ পৰ্য্যালোচনা কৰি কাইলৈ গুৱাহাটীত ঘোষণা কৰিব ‘ভয়াবহ আন্দোলনৰ’ কাৰ্য্যসূচী।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd