অস্কাৰৰ মঞ্চত ক্ৰিছ ৰকক চৰ মৰা উইল স্মিথৰ ফিল্ম একাডেমীৰ পৰা পদত্যাগ

WhatsApp Image 2022-04-02 at 12.36.00 PM

অস্কাৰৰ মঞ্চত আঁত ধৰোতা ক্ৰিছ ৰকক প্ৰচণ্ড চৰ শোধোৱা আমেৰিকাৰ তাৰকা অভিনেতা উইল স্মিথে শুকুৰবাৰে মোশ্যন পিকচাৰ্ছ একাডেমীৰ পৰা পদত্যাগ কৰে। তেওঁ লগতে কয় যে তেওঁ যিকোনো ধৰণৰ শাস্তিৰ সিদ্ধান্ত মানি ল’ব।

শুকুৰবাৰে আবেলি এক বিবৃতিত স্মিথে কয়, ‘’মোৰ আচৰণৰ বাবে যিকোনো ধৰণৰ সিদ্ধান্ত মানি ল’ম। ৯৪সংখ্যক একাডেমী বঁটাৰ মঞ্চত মোৰ আচৰণ আশ্চৰ্যচকিত কৰা, দুৰ্ভাগ্যজনক আৰু অক্ষমনীয় আছিল।‘’

ফিল্ম একাডেমীৰ অধ্যক্ষ ডেভিড ৰুবিনে স্মিথৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা বুলি জানিবলৈ দিছে। অহা ১৮ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বোৰ্ড সভাৰ পূৰ্বে একাডেমীৰ আচৰণৰ মান অৱনমিত কৰাৰ বাবে স্মিথৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ কথা চিন্তা কৰা বুলিও ৰুবিনে জনায়।

লগতে পঢ়ক: ৰহস্য! শ্বাহৰুখ খানৰ পুত্র আৰিয়ানৰ ড্ৰাগছৰ গোচৰৰ সাক্ষী প্ৰভাকৰৰ আকস্মিক মৃত্যু 

আনহাতে, স্মিথে কয়,’’ মই যিসকলক আঘাত দিছো তেওঁলোকৰ তালিকাখন দীঘল আৰু এই ঘটনাই ক্ৰিছ, তেওঁৰ পৰিয়াল, মোৰ বহু বন্ধু  তথা অনুৰাগী, উপস্থিত আৰু বিশ্বৰ সকলো দৰ্শকক আঘাত দিছে।‘’

উল্লেখ্য যে ক্ৰিছ ৰকে স্মিথৰ পত্নী জেডা পিংকেট স্মিথকলৈ কৌতুক কৰাৰ সময়ত নিজকে চম্ভালিব নোৱাৰি মঞ্চলৈ উঠি গৈ স্মিথে ক্ৰিছক প্ৰচণ্ড চৰ শোধাইছিল। এনে ঘটনাত সকলো অবাক হৈ পৰে। ইয়াৰ পিছত তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটাও লাভ কৰে।