NORTHEAST NOW (Assamese)

কেৱল মনোৰঞ্জনৰ বাবে ছবি কৰিবলৈ আগ্ৰহী নহয় ৰীমা দাস : পুনৰ নিৰ্মাণ কৰিব ‘ভিলেজ ৰকষ্টাৰ্ছ’

June 30, 2019 7:48 am · এন ই নাও নিউজ
ৰীমা দাস। ফটো : ফেইচবুক

‘ভিলেজ ৰকষ্টাৰ্ছ’ চলচ্চিত্ৰখনেৰে বিশ্বৰ চলচ্চিত্ৰ জগতত পৰিচিতি লাভ কৰা, স্বৰ্ণকমল বিজয়ী খ্যাতিমান পৰিচালক ৰীমা দাসে শনিবাৰে সন্ধিয়া তেওঁৰ গৃহ চহৰ ছয়গাঁৱত এক বাৰ্তালাপ অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ছয়গাঁও শিল্পী সমাজে আয়োজন কৰা অনুষ্ঠানটোত পৰিচালকগৰাকীয়ে বিভিন্ন প্ৰসংগৰ প্ৰশ্নৰ উত্তৰ দিয়ে।

অস্কাৰ পাবলৈ সক্ষম নোহোৱা প্ৰসংগত মত ব্যক্ত কৰি ৰীমা দাসে কয় যে বিশ্বৰ বাকী দেশবোৰৰ তুলনাত ভাৰতে কথাবোৰ বহু পলমকৈ গম পায় বাবে তেওঁক নিৰ্বাচন কৰোতে বহু পলম হৈ গ’ল। তদুপৰি, অসম চৰকাৰে অস্কাৰৰ প্ৰচাৰৰ বাবে আগবঢ়োৱা ১ কোটি টকা পৰ্যাপ্ত নহয় বুলিও ব্যক্ত কৰে পৰিচালকগৰাকীয়ে।

অৱশ্যে, অস্কাৰৰ বাবে যুঁজ দিয়াটো তেওঁৰ ভাগ্য বুলি উল্লেখ কৰি প্ৰতিদ্বন্দ্বিতাৰ ক্ষেত্ৰত বাকী ছবিবোৰে বহু আগবাঢ়ি যোৱাৰ পাছতহে তেওঁ যুদ্ধক্ষেত্ৰলৈ ৰাওনা হোৱা বুলি মন্তব্য কৰে। লগতে সময়ৰ অভাৱো আন এটা কাৰণ হিচাপে উল্লেখ কৰে ৰীমা দাসে।

কেৱল মনোৰঞ্জনৰ বাবে ছবি নিৰ্মাণ কৰিবলৈ আগ্ৰহী নহয় বুলি সদৰী কৰি ৰীমাই লগতে কয় যে সদায় চকুৰ আগত দেখি থকা গ্ৰাম্য জীৱনৰ নিভাঁজ জীৱনযাত্ৰাৰ সৈতে সংপৃক্ত মানুহৰ সঁচা জীৱনৰ আধাৰত ছবি নিৰ্মাণ কৰিবলৈহে তেওঁ আগ্ৰহী।

‘ভিলেজ ৰকষ্টাৰ্ছ’ ছবিখন আন ভাষাৰ মানুহেও আদৰি লোৱাৰ প্ৰসংগ উল্লেখ কৰি ৰীমাই পুনৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ নিৰ্মাণৰ ইচ্ছাৰ কথাও ব্যক্ত কৰে। আনহাতে, ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ পাছত বিশ্বৰ চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত ইতিমধ্যে চৰ্চা লাভ কৰা ‘বুলবুল কেন ছিং’ নামৰ তেওঁৰ আনখন ছবি অহা আগষ্ট মাহত চিত্ৰগৃহলৈ আহিব বুলি তেওঁ জানিবলৈ দিয়ে।

ইপিনে, অসম চৰকাৰে তেওঁক ‘পূৰ্ণ চন্দ্ৰা’ নামৰ ছবিখন কৰিবলৈ আগবঢ়োৱা সহায়ৰ বাবে তেওঁ সংশ্লিষ্ট সকলোৰে শলাগ লয়।

Related News