NORTHEAST NOW (Assamese)

কেতিয়াৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা? আৰম্ভ হ’ল তীৰ্থযাত্ৰীৰ পঞ্জীয়ন, কিদৰে কৰিব আবেদন?

April 14, 2025 9:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 14, 2025 6:28 pm

প্ৰতিবছৰে অমৰনাথ ধামলৈ যাত্ৰা কৰে তীৰ্থযাত্ৰীসকলে। এইবাৰো সেই উদ্দেশ্যে ১৪ এপ্ৰিল সোমবাৰৰ পৰা পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হয়। শ্ৰী অমৰনাথ তীৰ্থ বৰ্ডৰ মতে, অমৰনাথ যাত্ৰা ৩ জুলাইৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু ৯ আগষ্টলৈকে চলিব।৩,৮৮০ মিটাৰ উচ্চতাত অৱস্থিত এই বৰফেৰে আবৃত গুহাটোৱে প্ৰতি বছৰে লাখ লাখ ভক্তক আকৰ্ষণ কৰে। চলিত বৰ্ষত ৩৭ দিন অমৰনাথ ভ্ৰমণ কৰিব পাৰিব তীৰ্থযাত্ৰীসকলে।

অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন বাধ্যতামূলক। এইটো অনলাইন বা অফলাইন হব লাগিব। শ্ৰী অমৰনাথ তীৰ্থ বৰ্ডে এই ক্ষেত্ৰত তীৰ্থযাত্ৰীক অনুমতি প্ৰদান কৰে। বয়স আৰু স্বাস্থ্য পৰীক্ষাৰ পিছত যাত্ৰাৰ অনুমতি দিয়া হয়। প্ৰাকৃতিক দুৰ্যোগ আৰু নিৰাপত্তাৰ কথা মনত ৰাখি প্ৰতিদিনে সৰ্বাধিক ১৫ হাজাৰ তীৰ্থযাত্ৰীক অমৰনাথ ধামলৈ যাবলৈ অনুমতি দিয়া হৈছে।

কিদৰে কৰি আবেদন?

চাৰ্চ ইঞ্জিনৰ পৰা SASB পৰ্টেলত প্ৰৱেশ কৰক। হোম পেজৰ ‘অনলাইন সেৱা’ টেবত ক্লিক কৰক। ‘ভ্ৰমণ অনুমতি পঞ্জীয়ন’ নিৰ্বাচন কৰক। যাত্ৰাৰ বাবে ‘গাইডলাইন পঢ়ক আৰু ‘মই একমতত ক্লিক কৰক। একেবাৰে শেষত ‘Register’ ত ক্লিক কৰক। আপুনি আপোনাৰ নাম আৰু ঠিকনাকে ধৰি আপোনাৰ সকলো ব্যক্তিগত তথ্য আপলোড কৰিব লাগিব। ভ্ৰমণৰ তাৰিখ, আধাৰ নম্বৰ, মোবাইল নম্বৰ, পাছপৰ্টৰ আকাৰৰ ফটোগ্ৰাফ, আৰু স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব। তীৰ্থযাত্ৰীগৰাকীলৈ মোবাইল নম্বৰ পৰীক্ষা কৰিবলৈ অটিপি প্ৰেৰণ কৰা হব। ভ্ৰমণ অনুমোদন হোৱাৰ পিছত দুঘণ্টামানৰ ভিতৰত পেমেণ্ট লিংক প্ৰেৰণ কৰা হব। ২২০ টকীয়া পঞ্জীয়ন মাচুল দিব লাগিব। তাৰ পিছত ট্ৰেভেল ৰেজিষ্ট্ৰেচন পাৰ্মিট ডাউনলোড কৰিব পাৰিব।

Related News