• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্ধ হৈ পৰিব মহানগৰীত জনপ্ৰিয় ৰেপিড’ বাইক সেৱা?

জীৱিকাৰ শংকাত ভোগা ওলা-উবেৰ কেব অপাৰেটৰ সন্থাৰ অভিযোগ দাখিল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 6, 2019 10:08 pm
Rapido Ola Uber
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেৱা আৰম্ভ কৰাৰ মাত্ৰ এমাহ-দুমাহৰ ভিতৰতে মহানগৰীত ব্যাপক জনপ্ৰিয়তা লাভ কৰা ৰেপিড’ বাইক সেৱাই ব্যৱসায়িকভাৱে মাধমাৰ শোধোৱাৰ শংকাত ভুগিছে ওলা-উবেৰৰ চালকসকল। মহানগৰৰ প্ৰায় সংখ্যক এজনীয়া যাত্ৰীয়ে ওলা-উবেৰ কেবৰ সলনি পচন্দ কৰিবলৈ ধৰিছে ৰেপিড’ বাইক। নিঃসন্দেহে কম দামেই ইয়াৰ অন্যতম কাৰণ। ফলত জীৱিকাৰ শংকাত ভুগিছে ওলা-উবেৰ কেব অপাৰেটৰসকল।

জীৱিকাৰ শংকাত ভোগা বুলি আজি নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত কয় ওলা-উবেৰ কেব অপাৰেটৰ সন্থাৰ সভাপতি ইছমাইল আলীয়ে নিজমুখে স্বীকাৰ কৰে। লগতে এই বাইক সেৱা আৰম্ভ হোৱাৰ পৰা বহু ওলা-উবেৰ চালক ভাড়া নাপাই ঘৰতে শুই-বহি কটাব লগীয়া হৈছে বুলিও আলীয়ে আমাৰ আগত কয়।

উল্লেখ্য যে, ভাৰতৰ অন্যান্য প্ৰান্তত যেনে কেৰেলা, বাংগালুৰু, মুম্বাই ইত্যাদি ঠাইত বহু দিনৰ আগতেই ৰেপিড’ বাইক টেক্সি সেৱা আৰম্ভ হৈছিল যদিও যোৱা বৰ্ষৰ ১৭ ডিচেম্বৰৰ দিনাহে গুৱাহাটী মহানগৰীত ইয়াৰ আনুষ্ঠানিক আৰম্ভণি হয়। গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই উদ্বোধন কৰিছিল এই সেৱা। বাংগালুৰুৰ ‘ৰেপিড’ নামৰ প্ৰতিষ্ঠানটোৱে অসমত আগ বঢ়াই আছে এই বাইক সেৱা।

ইপিনে, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই আইনৰ গণ্ডীৰ ভিতৰত থকা বুলি অনুভৱ কৰি এই সেৱা শুভাৰম্ভণি কৰিলেও ইয়াক এক আইন বিৰোধী ‘বাইক সেৱা’ আখ্যা দিলে কেব-অপাৰেটৰ সন্থাৰ সভাপতিজনে।

“ব্যক্তিগত বাহনেৰে কি যুক্তিত ভাড়া মাৰিব পাৰে? বাণিজ্যিক বাহন হ’লেহে দুচকীয়া বাহনেৰে ভাড়া মাৰিব পাৰে বুলি গুৱাহাটী জিলা পৰিবহণ বিষয়াই আমাক কৈছিল।” এইদৰে কয় ইছমাইল আলীয়ে।

যদি দুচকীয়া বাহনখন বাণিজ্যিক বাহন হয় তেন্তে তেওঁলোকৰ কোনো আপত্তি নাথাকিব বুলি আমাৰ আগত সভাপতিজনে জনায়।

তেওঁ ৰেপিড’ বাইক সেৱাৰ উন্মোচক গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰি কয়, “চৰকাৰে বিষয়টো পৰ্য্যবেক্ষণ নকৰি কিয় ব্যক্তিগত বাহন ব্যৱসায়িক কামত ব্যৱহাৰ কৰিবলৈ অনুমতি দিলে? মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কিয় নোচোৱা-নেমেলাকৈ উদ্বোধন কৰিলে?”

তেওঁ আৰু কয়, “যদি ব্যক্তিগত বা বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱৰা বাহনেৰে ভাড়া মাৰিব পাৰে, তেন্তে আমাৰ বাহনসমূহো ব্যক্তিগত কৰি লওঁ। আমাৰ কেব অপাৰেটৰসকলৰ ভাড়া মৰাৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ আছে।”

কেব অপাৰেটৰ সন্থাই এই ৰেপিড’ বাইকসেৱাৰ বিৰুদ্ধে গুৱাহাটী জিলা পৰিৱহণ বিষয়াক ৬ দিন পূৰ্বে অভিযোগ দাখিল কৰে। ব্যক্তিগত বাহনেৰে ভাড়া মৰা বুলি এই অভিযোগ দিয়া হৈছে।

ইপিনে, ব্যক্তিগত বাহনেৰে ভাড়া মৰাটো আইন উলংঘাৰ উদাহৰণ নেকি বুলি গুৱাহাটী জিলা পৰিবহণ বিষয়া বাপন কলিতাক আমাৰ সাংবাদিকে সোধাত তেওঁ বিষয়টো এৰাই চলে, যদিও তেওঁ কেব অপাৰেটৰ সন্থাৰ পৰা অভিযোগ পোৱাৰ কথা স্বীকাৰ কৰে।

“এইক্ষেত্ৰত মই একো ক’ব নোৱাৰিম। এই বিষয়টো চৰকাৰে সিদ্ধান্ত লৈছিল। চৰকাৰে মন গ’লে যিকোনো কৰিব পাৰে। তেওঁলোকে আইনো সলাব পাৰে। কেব অপাৰেটৰ এছ’চিয়েশ্যনে এখন আপত্তি দাখিল কৰিছে যদিও এইক্ষেত্ৰত মই কোনো ব্যৱস্থা ল’ব নোৱাৰিম বুলি কৈ দিছো।” জিলা পৰিবহণ বিষয়াজনে অসহায়তা প্ৰকাশ কৰি কয়।

আনহাতে, ৰেপিড’ৰ গুৱাহাটী চিটী হেড সুমন আচাৰ্য্যই সেৱাত ব্যৱহৃত বাহনসমূহ ব্যক্তিগত বুলি স্বীকাৰ কৰি লগতে কয়, “কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আমাৰ অনুমোদন আছে। ৰাজ্য চৰকাৰকো ইতিমধ্যে অনুৰোধ জনোৱা হৈছে। গতিকে চিন্তাৰ কোনো কাৰণ নাই, চলি থাকিব।”

ইয়াৰ বিপৰীতে ওলা-উবেৰ কেব অপাৰেটৰ সন্থাৰ সভাপতিজনে ‘ৰেপিড’ বাইক সেৱাৰ বিৰুদ্ধে অতি শীঘ্ৰে আইনৰ কাষ চাপিব বুলি হুংকাৰ দিয়ে। লগতে দুচকীয়া ব্যক্তিগত বাহনেৰে যাত্ৰী কঢ়িওৱা বন্ধ কৰিবলৈ সকীয়াই দি তেওঁ কয় “আমি তেওঁলোকক এমাহ সময় দিছো, যদি বন্ধ নকৰে আমি গুৱাহাটীত কেব চলাচল অনিৰ্দিষ্টকাললৈ বন্ধ ৰাখিম।”

তেনে পৰিপ্ৰেক্ষিতত প্ৰশ্ন হয়, “আইনী প্ৰক্ৰিয়াৰ মাজলৈ বিষয়টো সোমাই পৰিলে মহানগৰীত অচল হৈ পৰিব নেকি জনসাধাৰণৰ পচন্দৰ ৰেপিড’ সেৱা?”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm
কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd