ৰাজ্যৰ সুৰাপায়ীৰ বাবে সুখবৰ; ৩ মে’ৰ পাছত খোলা হ’ব সুৰাৰ বিপণী

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

সুৰাপায়ী সকলৰ বাবে সুখবৰ। ৩ মে’ৰ পাছত দুসপ্তাহলৈ ল’কডাউন বৃদ্ধি পালেও ৩ মেৰ পাছত সুৰাৰ বিপণী খোলাৰ অনুমতি দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে।

অৱশ্যে সুৰাৰ বিপণী সমূহ খোলাৰ বাবে গৃহ মন্ত্ৰ্যালয়ে কিছু নীতি-নিৰ্দেশনা বান্ধি দিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ নিয়ম অনুসৰি গ্ৰীন জনত সুৰাৰ বিপনী সমূহ খুলিব পাৰিব । সুৰাৰ বিপনী সমূহৰ বাহিৰত গ্ৰাহক সকলে ছয়ফুট দুৰত্ব বজাই ৰাখিব লাগিব । পাঁচ গৰাকী গ্ৰাহকে একেলগে সুৰাৰ বিপনীৰ সন্মুখত সমবেত হ’ব নোৱাৰিব বুলিও নিৰ্দেশনাটোত উল্লেখ আছে।

আনহাতে, সুৰাপায়ী সকলে ৰাজহুৱা স্থানত সুৰাপান কৰিব নোৱাৰিব বুলিও গৃহ মন্ত্ৰ্যালয় নিৰ্দেশনাটোত কয়।

তদুপৰি, ৰাজ্য চৰকাৰে সুৰাৰ বিপনী সমূহ খোলাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব।

আবকাৰী বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া শৈলেন্দ্ৰ পাণ্ডে নৰ্থ-ইষ্ট নাওক ফোন যোগে জানিব দিয়া অনুসৰি ৩ মেৰ পাছতে ৰাজ্যৰ সুৰাৰ বিপণী সমূহ খুলি দিয়া হ’ব।

উল্লেখযোগ্য যে ল’কডাউনৰ মাজতে বিগত ১৩ এপ্ৰিলৰ পৰা ৰাতিপুৱা ১০ বজাৰ পৰা আবেলিৰ ৫ বজালৈ চৰকাৰে সুৰা বিপণীৰ লগতে সুৰাৰ গুদাম, উৎপাদন কৰা কাৰখান তথা চেৰাভাটিসমূহ খোলা ৰাখিবলৈ অসম চৰকাৰে অনুমতি দিছিল যদিও দুদিন পাছতে অৰ্থাৎ ১৫ এপ্ৰিলৰ পৰা পুনৰ সুৰাৰ বিপণী সমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছিল।