NORTHEAST NOW (Assamese)

কাইলৈ কামৰূপ মেট্ৰ’ত ড্ৰাই ডে ঘোষণা

September 25, 2020 3:14 pm · কল্পজ্যোতি শইকীয়া
Updated: September 25, 2020 5:26 pm

কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰিছে ড্ৰাই ডে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে ঘোষণা কৰিছে এই ড্ৰাই ডে।

কাইলৈ দিনটোত কামৰূপ মহানগৰৰ   সুৰাৰ বিপনীসমূহ  সম্পূৰ্ণৰূপে বন্ধ থাকিব।

বিলাতী সুৰাৰ বিপনীৰ লগতে দেশীয় সুৰাৰ বিপনী, বাৰ, পাইকাৰী দোকান, ভঁৰালগৃহও বন্ধ থাকিব।

অৱশ্যে ক্লাব আৰু হোটেল সমূহ খোলা ৰখাৰ নিৰ্দেশ দিছে জিলা উপায়ুক্তই।

কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে দিছে এই নিৰ্দেশনা।

নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী শাস্তি বিহাৰ কথাও ঘোষণা কৰিছে পেগুৱে।

Related News