নাবালক চালকৰ পথ দুৰ্ঘটনাত জে’লত সোমাব অভিভাৱক ||বাহন আইন সবিশেষ

With amended rules, India’s Motor Vehicles Act sees new avatar

প্ৰতীকী ছবি। সৌজন্য-- Pixabay

এতিয়াৰে পৰা ভাৰতবৰ্ষত নাবালক বাহন-চালকে সংঘটিত কৰা পথ দুৰ্ঘটনাৰ বাবে তিনি বছৰলৈকে জে’লত সোমাব পাৰে অভিভাৱক।

৯ আগষ্টত ৰাষ্ট্ৰপতি ৰাম নাথ ক’বিন্দৰ মোহৰ লগাৰ পিছত আইনৰূপে বলবৎ হোৱা সংশোধিত মটৰ ভিইকলছ এক্তত আছে এনে কিছু কঠোৰ বিধান।

আহক চাওঁ:

১. লাইচেন্স বাতিলৰ কৰ্তৃত্ব—আইনখনৰ মুঠ আঠটা ধাৰা/ উপধাৰাই সংশ্লিষ্ট কৰ্তৃপক্ষক দিছে এই কৰ্তৃত্ব। ১৮৩, ১৮৪, ১৮৫, ১৮৯, ১৯০, ১৯৪চি, ১৯৪দি, ১৯৪ই ধাৰাই এই কৰ্তৃত্ব প্ৰদান কৰিছে।

২. টিকেটবিহীন যাত্ৰীয়ে ১৭৮ ধাৰাৰ অধীনত ৫০০ টকাৰ জৰিমনা ভৰিব লাগিব।

৩. কৰ্তৃপক্ষৰ আদেশ অমান্যকৰণে ১৭৯ ধাৰাৰ অধীনত ভৰোৱাব ২০০০ টকা পৰ্য্যন্ত জৰিমনা।

৪. বিনা অনুজ্ঞাপত্ৰৰে বাহন চলালে ১৮১ ধাৰাৰ অধীনত ভৰিব লাগিব ৫০০০ টকাৰ জৰিমনা।

৫. অযোগ্য বুলি ঘোষিত বাহন চলালে ১৮২ ধাৰাৰ অধীনত ভৰিব লাগিব ১০,০০০ টকাৰ জৰিমনা।

৬. নিৰ্ধাৰিত গতিতকৈ অধিক কোবেৰে বাহন চালনাই ১৮৩ ধাৰাৰ অধীনত ভৰোৱাব—ক) লাইট মটৰ ভিইকলৰ ক্ষেত্ৰত ১০০০ আৰু খ) এম পি ভিৰ ক্ষেত্ৰত ২০০০ টকাৰ জৰিমনা।

৭. বিপজ্জনক ধৰণেৰে বাহন চালনা (যেনে- বাইক ষ্টান্ত)ই ১৮৪ ধাৰাৰ অধীনত ভৰোৱাব ৫০০০ টকাৰ জৰিমনা।

৮. মদ খাই বাহন চালনাই ১৮৫ ধাৰাৰ অধীনত ভৰোৱাব ১০,০০০ টকাৰ জৰিমনা।

৯. ৰে’চিং/ প্ৰতিযোগিতা কৰি বাহন চালনাই ধাৰা ১৮৯ অধীনত ভৰোৱাব ৫০০০ টকা।

১০. অনুজ্ঞাপত্ৰহীন বাহন চালনাই ধাৰা ১৯২ৰ অধীনত ভৰোৱাব ১০,০০০ টকাৰ জৰিমনা।

১১. অনুজ্ঞাপত্ৰৰ নিয়ম উলংঘনে ধাৰা ১৯৩ৰ অধীনত ভৰোৱাব ২৫হাজাৰৰ পৰা ১ লাখলৈকে।

১২. অতিৰিক্ত ভাৰবাহী বাহনে ধাৰা ১৯৪ৰ অধীনত ভৰিব ন্যূনতম ২০০০ টকাৰ জৰিমনা।

১৩. অতিৰিক্ত যাত্ৰী কঢ়িয়ালে ধাৰা ১৯৪এৰ অধীনত ভৰিব লাগিব প্ৰতি যাত্ৰীত ১০০০ টকাকৈ জৰিমনা।

১৪. ছীট বেল্ট নাবান্ধিলে ধাৰা ১৯৪বিৰ অধীনত ভৰিব লাগিব ১০০০ টকা জৰিমনা।

১৫. বাইক, স্কুটাৰত অতিৰিক্ত ব্যক্তি গ’লে ধাৰা ১৯৪চিৰ অধীনত ভৰিব লাগিব ২০০০ টকা জৰিমনা। লগতে তিনি মাহৰ বাবে বাতিল হ’ব পাৰে অনুজ্ঞাপত্ৰ।

১৬. হেলমে’ট নিপিন্ধিলে ধাৰা ১৯৪দিৰ অধীনত ভৰিব লাগিব ১০০০ টকা জৰিমনা। তিনমাহলৈ অনুজ্ঞাপত্ৰ বাতিল হ’ব পাৰে।

১৭. জৰুৰী সেৱাৰ বাহন, যেনে- এম্বুলেন্সক বাট এৰি নিদিলে ১০,০০০ টকাৰ জৰিমনা।

১৮. বীমা (ইন্ছিয়ৰেন্স)হীন বাহন চালনে ১৯৬ধাৰাৰ অধীনত ভৰোৱাব ২০০০ টকাৰ জৰিমনা।

১৯. নাবালক বাহন-চালকে কৰা অপৰাধ/ দুৰ্ঘটনাৰ বাবে ১৯৯ ধাৰাৰ অধীনত অভিভাৱক/ বাহন মালিকক দায়ী কৰা হ’ব। ৩ বছৰলৈকে শাস্তি বিহাৰ বিধান আছে। নাবালকৰ ওপৰত জুভেনাইল এক্তমতে বিচাৰ হ’ব। বাহনৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব।