নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা সংখ্যালঘুৰ ভূমিকা হ্ৰাস কৰিব বিচাৰিছে বিজেপিয়ে: অমৰ্ত্য সেন

Amartya Sen on CAA

শাসনাধিষ্ঠ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা সংখ্যালঘুৰ ভূমিকা হ্ৰাস কৰিব বিচাৰিছে। এই দাবী কৰিছে প্ৰখ্যাত অৰ্থনীতিবিদ তথা নোবেল বঁটা বিজয়ী অমৰ্ত্য সেনে। বিশিষ্ট অৰ্থনীতিবিদ গৰাকীৰ মতে নাগৰিকত্ব সংশোধনী আইন(CAA)ৰ ৰূপায়ণে দেশত সংখ্যালঘুসকলৰ ভূমিকা হ্ৰাস কৰিব পাৰে আৰু একে সময়তে সংখ্যাগৰিষ্ঠ শক্তিক উৎসাহিত কৰিব পাৰে।

সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে ভাৰতৰ জাতিৰ পিতৃ মহাত্মা গান্ধীয়ে সমাজৰ সকলো শ্ৰেণীৰ বাবে ন্যায্য ৰাজনীতি, আৰু জাতীয় পৰিচয়ৰ উন্নত ধাৰণাৰ বাবে কাম কৰিছিল।

“মই যিমানদূৰ দেখিছোঁ, বিজেপিৰ এটা উদ্দেশ্য হৈছে কা ৰূপায়ণ কৰি সংখ্যালঘুৰ ভূমিকা হ্ৰাস কৰি তেওঁলোকৰ গুৰুত্ব কম কৰা আৰু প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ভাৰতত হিন্দু সংখ্যাগৰিষ্ঠ শক্তিৰ ভূমিকা বৃদ্ধি কৰা।”- অৰ্থনীতিবিদগৰাকীয়ে কয়।

বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা অমুছলমান প্ৰব্ৰজনকাৰীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচৰা নাগৰিকত্ব সংশোধনী আইনখন ২০১৯ চনৰ ১১ ডিচেম্বৰত সংসদে গৃহীত কৰে আৰু পিছদিনাই ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিছিল।

কিন্তু ‘কা’ৰ অধীনস্থ নিয়মসমূহ এতিয়াও নিৰূপণ নোহোৱাৰ বাবে এই আইনখন এতিয়াও কাৰ্যকৰী হোৱা নাই।

“এয়া ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ, সমতাবাদী দেশৰ বাবে অতি দুৰ্ভাগ্যজনক, আৰু ইয়াক বাংলাদেশৰ হওক বা পশ্চিমবংগৰ পৰাই অহা হওক; সংখ্যালঘুসকলক খিলঞ্জীয়া নহয়, বিদেশী বুলি ঘোষণা কৰাৰ দৰে বৈষম্যমূলক কাৰ্য্যৰ বাবেও ব্যৱহাৰ কৰা হৈছে। আৰু মই ইয়াক মূলতঃ এটা নিন্দনীয় পদক্ষেপ বুলি গণ্য কৰিম।”— সেনে কয়।

আনহাতে বিগত বৰ্ষসমূহত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজৰ উন্নতি হোৱা নাই বুলিও মন্তব্য কৰে প্ৰখ্যাত অৰ্থনীতিবিদ গৰাকীয়ে। তেওঁ কয়, “মই নাভাবো যে চৰকাৰৰ কাম-কাজৰ উন্নতি হৈছে। মই ভাবো ভাৰতৰ বাবে আটাইতকৈ প্ৰয়োজন হৈছে প্ৰতিগৰাকী ভাৰতীয়ৰ নিৰ্দিষ্ট অধিকাৰ আছে বুলি স্বীকৃতি দিয়া।”

মহাত্মা গান্ধীয়ে এটা গোটক আন এটা গোটৰ বিৰোধী কৰিবলৈ চেষ্টা কৰা নাছিল বুলি উল্লেখ কৰি সেনে লগতে কয় যে তেওঁ ধৰ্মীয়ভাৱে দৃঢ় ৰূপত প্ৰতিশ্ৰুতিবদ্ধ হিন্দু হোৱাৰ পিছতো তেওঁ স্বাধীনতাৰ পূৰ্বে মুছলমানসকলে লাভ কৰা স্থানতকৈ উচ্চ স্থান দিবলৈ চেষ্টা কৰিছিল।

অনাগত সময়ত ভাৰতে মুছলমানৰ দৰে সংখ্যালঘুসকলৰ অৱহেলাৰ বাবে অনুশোচনা কৰিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অমৰ্ত্য সেনে।