• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰেয়াছ, গীল, অক্ষৰৰ দমনীয় প্ৰদৰ্শনেৰে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত ভাৰতৰ সহজ জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2025 9:02 pm
334
VIEWS
Share on FacebookShare on Twitter

ৰোহিত শৰ্মাৰ দলে জয়লাভ কৰিলে, ব্যৰ্থ হ’ল ৰোহিত। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত ৰোহিত শৰ্মাৰ টিম ইণ্ডিয়াই চাৰি উইকেটত জয়লাভ কৰে। কিন্তু ভাৰতীয় অধিনায়কগৰাকীৰ বেটিং ফৰ্মে কোনো সকাহ নিদিলে। টেষ্ট ফৰ্মেটৰ পিছত এদিনীয়া মেচতো ব্যৰ্থ হয় ৰোহিত। চেম্পিয়নছ ট্ৰফীৰ আগত অস্বস্তিৰ কাৰণ হৈ পৰিল ৰোহিত শৰ্মা!

তেওঁ সাতটা বল খেলি দুই ৰান কৰে। ইংলেণ্ডৰ বিৰুদ্ধে এই এদিনীয়া শৃংখলাটো চেম্পিয়নছ ট্ৰফীৰ বাবে ড্ৰেছ ৰিহাৰ্চেল হিচাপে বিবেচিত হৈছে। সকলোৰে দৃষ্টি দুই মহাতাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ওপৰত।

আঁঠুৰ আঘাতৰ বাবে বিৰাট কোহলীয়ে প্ৰথম এদিনীয়াত খেলিব নোৱাৰিলে। ৰোহিত নামিল। তেওঁ দলটোক নেতৃত্ব দিছিল। তেওঁৰ দলটোৱে ইংলেণ্ডক ২৪৮ ৰানতে সীমাবদ্ধ কৰি ৰাখিছিল। ইয়াৰ পাছতে ৬৮টা বল বাকী থকা অৱস্থাত ৰোহিতৰ টিম ইণ্ডিয়াই বেটিং কৰিবলৈ নামি জয় সাৱ্যস্ত কৰে। মুঠতে চাৰি উইকেটৰ প্ৰত্যয়জনক জয়। কিন্তু ৰোহিতৰ বেট নিশ্চুপ আছিল।

তেওঁৰ ওপৰত যথেষ্ট চাপ। চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে তেওঁৰ ফৰ্মক লৈ চিন্তিত হৈ পৰিছে নিৰ্বাচকসকল। চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ৰোহিত শৰ্মাৰ আৰু দুখন এদিনীয়া মেচ আছে। সেই দুখন মেচলৈ সকলোৱে চাই থাকিব। যদিহে তেওঁ ছিৰিজত ৰান নাপায় তেন্তে হিটমেনে আৰু অধিক চাপত চেম্পিয়নছ ট্ৰফীত প্ৰৱেশ কৰিব।

ৰোহিতে চাকিব মাহমুদৰ বলটো উঠাই মাৰিবলৈ গৈ আউট হৈ উভতি যায়। ২৪৮ ৰান অনুসৰণ কৰি জয়ী হোৱাটো কোনো কঠিন কাম নহয়। আন এগৰাকী অ’পেনাৰ যশস্বী জয়ছৱাল মাত্ৰ ১৫ ৰানতে আউট হয়। যদিও দুয়োজন অ’পেনাৰ সোনকালে আউট হৈ গ’ল, তথাপিও ভাৰতৰ জয়ৰ বাবে কোনো সমস্যা নাছিল।

প্ৰথমতে শ্ৰেয়াছ আয়াৰ। পিছত শুভমান গীল আৰু অক্ষৰ পেটেলৰ দমনীয় প্ৰদৰ্শনৰ বাবেই ভাৰতে খেলখন সহজেই জয়লাভ কৰে। শুভমান গীল বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ পৰা বহু আশা আছে। চেম্পিয়নছ ট্ৰফীত সকলোৱে তেওঁলৈ চাই আছে। তেওঁৰ বাবে পুনৰ ট্ৰেকত অহাটো গুৰুত্বপূৰ্ণ। প্ৰথমখন এদিনীয়াত নিৰাশ নকৰিলে গীলে। দুই অ’পেনাৰ হেৰুৱাই যেতিয়া ভাৰত চাপ পৰিল, তেতিয়া গীল আৰু শ্ৰেয়াছে মিলি চাপ লাঘৱ কৰে।

শ্ৰেয়াছ আয়েৰ (৫৯) ঘূৰি অহাৰ পিছত অক্ষৰ পেটেলৰ সৈতে গীলে ভাৰতক জয়ৰ মুখলৈ লৈ যায়। অক্ষৰ পেটেল অৱশ্যে শেষলৈকে তিষ্ঠি থাকিব নোৱাৰিলে। আদিল ৰছিদৰ ৫২ ৰানত আউট হয়। লোকেশ ৰাহুল (২)ও ব্যৰ্থ হয়। শুভমান গীলে খৰধৰকৈ মেচখন শেষ কৰিবলৈ গৈ ৮৭ ৰানত আউট হৈ যায়। বাকী কামখিনি ৰবীন্দ্ৰ জাদেজা আৰু হাৰ্দিক পাণ্ডিয়াই সমাপ্ত কৰে।

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd