NORTHEAST NOW (Assamese)

অৰ্ধশতাধিক দেশৰ চলচ্চিত্ৰেৰে আজিৰ পৰা দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

October 25, 2018 10:25 am · এন ই নাও নিউজ

বিশ্বৰ প্ৰায় অৰ্ধশতাধিক দেশৰ ১০৮ খন চলচ্চিত্ৰৰে আজিৰ পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হ’ব দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।

জ্যোতি চিত্ৰবনৰ উদ্যোগত আৰু  ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱ মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰু জ্যোতি চিত্ৰবনত সমান্তৰালভাৱে চলিব।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি সন্ধিয়া ৫-৩০ বজাত শংকৰদেৱ কলাক্ষেত্ৰত উদ্বোধন কৰিব লগা অনুষ্ঠানত দেশৰ প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা বুদ্ধদেৱ দাসগুপ্তই মুখ্য অতিথি আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

এইবাৰৰ মহোৎসৱত অসমৰ প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাৰ ‘ভগা খিৰিকী’ শীৰ্ষক ছবিখন উদ্বোধনী  চলচ্চিত্ৰ হিচাপে প্ৰদৰ্শন কৰা হ’ব।

উল্লেখযোগ্য যে এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত দেশৰ বৰেণ্য চলচ্চিত্ৰ নিৰ্মাটা অৱিবাম শ্যাম শৰ্মা, চাজি এন কৰুণ, জাহ্নু বৰুৱা, বাংলাদেশৰ গোলাম ৰব্বানী বিপ্লৱ, কানাডাৰ মেথিউ ৰয়, আমেৰিকাৰ প্ৰাছী লী, ফ্ৰেংক মাৰ্টিনেজৰ লগতে লাডভিয়া, ইষ্টোনিয়া, ম্যানমাৰ, আৰ্জেণ্টিয়া, ছিংগাপুৰ, ছাৰ্বিয়া, লিথোৱানিয়াৰ ৰাষ্ট্ৰদূতসকলৰ উপৰি চলচ্চিত্ৰৰসিক শিল্পী, কলাকুশলীসকলে অংশ ল’ব বুলি বুধবাৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাই সদৰী কৰে।

Related News