• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

মঙলবাৰে শুভাৰম্ভ হ’ল উত্তৰ-পূবৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা ‘নৰ্থ-ইষ্ট অলিম্পিক গেইমছ’

NE NOW NEWS চভাপতি চামম
ইম্ফল , October 25, 2018 10:28 am

2 min read

ne-olympic

ফটো : নৰ্থ-ইষ্ট নাও

86
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলস্থিত খুমান লাম্পাৰ্ক ক্ৰীড়া প্ৰকল্পত বুধবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে শুভাৰম্ভণি হয় প্ৰথম সংখ্যক ‘নৰ্থ-ইষ্ট অলিম্পিক গেইমছ’ ।

মণিপুৰ অলিম্পিক সন্থাৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাখনত উত্তৰ-পূবৰ আঠখন ৰাজ্যই অংশগ্ৰহণ কৰিছে। ২৪-২৮ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত মুঠ ১২টা ইভেণ্ট থাকিব। ইভেন্টসমূহ হ’ল এথলেটিকছ, আৰ্চাৰী, বক্সিং, ফুটবল, টাইকোৱানডো, টেবুল টেনিছ, ভাৰোত্তোলন, উশ্বু, বেডমিণ্টন, জুডো, কাৰাটে আৰু শ্বুটিং।

প্ৰতিযোগিতাখনত অসমৰ সৰ্বাধিক ২৫৩গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে আটাইতকৈ কম খেলুৱৈ প্ৰেৰণ কৰা দল হৈছে ত্ৰিপুৰা। ত্ৰিপুৰাৰ ১৫১গৰাকী খেলুৱৈৰ বিপৰীতে আয়োজক মণিপুৰৰ ২৪৫গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে।

বুধবাৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙ উপস্থিত থাকে। অনুষ্ঠানত তেওঁ কয় যে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত উত্তৰ-পূবৰ খেলুৱৈৰ সাফল্য আমাৰ বাবে গৌৰৱৰ বিষয়। প্ৰথম বাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতাখনেও আগন্তুক দিনত আমাৰ আঠখন ৰাজ্যৰ খেলুৱৈয়ে ক্ৰীড়া ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব।

ne-olympic
ফটো : নৰ্থ-ইষ্ট নাও

মুখ্য মন্ত্ৰী সিঙে লগতে উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ কৃষ্টি-সংস্কৃতিৰ ক্ষেত্ৰত এক নিজাববীয়া পৰিচয় থকা বুলি উল্লেখ কৰি কয় যে ক্ৰীড়া ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ আমাৰ যুৱ প্ৰজন্মৰ বাবে এয়া সুৱৰ্ণ সুযোগ।

ইফালে মণিপুৰ অলিম্পিক সন্থাৰ সভাপতি তথা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰাধেশ্যামে নিজৰ ভাষণ প্ৰসংগত কয় যে ক্ৰীড়াৰ জৰিয়তে সমাজত শান্তি-সম্প্ৰীতি বজাই ৰাখিব পাৰি সেয়ে এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছে। তদুপৰি প্ৰথমবাৰৰ বাবে উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ মাজত অনুষ্ঠিত হোৱা এই সৰ্ববৃহৎ প্ৰতিযোগিতাখনৰ জৰিয়তে যুৱ প্ৰজন্মৰ প্ৰতিভাৱান খেলুৱৈসকলে ক্ৰীড়া ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সুযোগ পাব বুলিও সভাপতিগৰাকীয়ে উল্লেখ কৰে।

আনহাতে কালিৰ এই উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী লেটপাও হাওকিপ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এল জয়ন্থকুমাৰ সিঙৰ উপৰি বিভিন্ন চৰকাৰী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Recent News

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd