কলিতাক বাদ দি নতুনকৈ জনজাতিকৰণৰ বিৰোধিতা কলিতা জনগোষ্ঠী সন্মিলনৰ

Kalita Janagusthi

কলিতা জনগোষ্ঠী সন্মিলনৰ এখন সংবাদমেলৰ দৃশ্য। ফাইল ফটো।

শেহতীয়াভাৱে কলিতা জনগোষ্ঠীক বাদ দি অসমৰ ৬টা জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে জনজাতিৰ মৰ্য্যাদা দিবলৈ ওলাইছে বুলি ওলোৱা খবৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলিতা জনগোষ্ঠী সন্মিলনে। কলিতা জনগোষ্ঠীটোক বাদ দি নতুকৈ কোনো জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিবলৈ সকীয়াই দিয়ে সন্মিলনে।

কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ সভাপতি ড° ভৱেন চন্দ্ৰ কলিতা আৰু সাধাৰণ সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতীয়ে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত এই কথা কয়।

বিবৃতিযোগে ড০ কলিতা আৰু ডাঃ কাকতীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিগত তিনিটা দশকজুৰি কৰি অহা দাবীক সম্পূৰ্ণ উপেক্ষা কৰি ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে কলিতা জনগোষ্ঠীৰ নৱ প্ৰজন্মক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কৰি আহিছিল সিয়েই আজি যেন পূৰ্ণ ৰূপ পাবলৈ লৈছে৷ ইয়াৰ দ্বাৰা শাসনাধিষ্ঠিত চৰকাৰৰ কলিতা জনগোষ্ঠী বিদ্বেষী চৰিত্ৰ নগ্নভাৱে উন্মুক্ত হৈ পাৰিছে৷

অসমৰ প্ৰাচীনতম জনগোষ্ঠীটো, যিটো জনগোষ্ঠীৰ মাজতে সৰ্বাধিক নিবনুৱা আছে আৰু লগতে অনগ্ৰসৰো, সেই কলিতাসকলেই জনজাতিকৰণৰ প্ৰথম উপযুক্ত দাবীদাৰ হোৱা সত্ত্বেও কিহৰ বাবে চৰকাৰে পদে পদে এনেদৰে বঞ্চিত কৰি আহিছে বুলি প্ৰশ্ন কৰে সভাপতি আৰু সাধাৰণ সম্পাদকজনে।

সামাজিক শৃংখলা আৰু আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰি আন্দোলন নকৰা বাবেই কলিতা জনগোষ্ঠীটোৰ দাবী এতিয়ালৈকে মানি লোৱা নাই নেকি বুলি প্ৰশ্ন কৰে তেওঁলোকে।

সভাপতি আৰু সাধাৰণ সম্পাদকে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰকে অতি শীঘ্ৰে কলিতা জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ আধাৰত অনুসূচিত জনজাতি ঘোষণা কৰিবলৈ দাবী জনায়।