NORTHEAST NOW (Assamese)

কোভিডৰ পৰা আৰোগ্য লাভ কৰিছে ১০০ জনৰ ভিতৰত ৭৭ জন ৰোগীয়ে

September 7, 2020 1:46 pm · এন ই নাও নিউজ

বতাহৰ গতিত  দেশত বিয়পিছে ক’ৰ’ণা ভাইৰাছ।

বিগত ২৪ ঘণ্টাত দেশক ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৯০,৮০২ গৰাকী লোক।

কোভিডত আক্ৰান্ত লোকৰ ক্ষেত্ৰত এতিয়া ভাৰতে দ্বিতীয় স্থানত থকা ব্ৰাজিলক চেৰ পেলাই সেই স্থান দখল কৰিছে।

ক’ৰ’ণাৰ সংক্ৰমণৰ ক্ষেত্ৰত এতিয়াও প্ৰথম স্থানত আছে আমেৰিকা।

ভাৰতত বিগত ২৪ ঘণ্টাত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা  ৯০,৮০২ গৰাকী হৈছে।২৪ ঘণ্টাক ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে ১০১৬ গৰাকী লোকে।

স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা অনুসৰি দেশত নিতৌ গড়ে ৭০,৮৬৭ গৰাকীকৈ লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

দেশত  এতিয়া ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৪১ লাখৰ ঘৰ।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত  ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৪২,০৪,৬১৩ গৰাকী। এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৮,৮২,৫৪২ গৰাকী।

এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৭১,৬৪২ গৰাকী লোকৰ।

একেদৰে কোভিডত আক্ৰান্ত হোৱা ৩২,৫০,৪২৯ গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।

ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষাৰ হাৰ বঢ়াবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। দেশত এতিয়ালৈকে মুঠ ৪,৯৫,৫১,৫০৭ টা পৰীক্ষা সম্পন্ন কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত প্ৰতি এক লাখ লোকৰ ভিতৰত ৭৪.৭ গৰাকী লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।
ক’ৰ’ণাৰ পৰা আৰোগ্য হোৱা ৰোগীৰ শতাংশ হাৰ হৈছে ৭৭.৩০ আৰু মৃত্যু ঘটা ৰোগীৰ শতাংশ হাৰ হৈছে ১.৭০।

Related News