ইণ্ডিয়া অ’পেন বক্সিং : প্ৰতিদ্বন্দ্বিৰ মুখামুখি নোহোৱাকৈ পদক নিশ্চিত কৰিলে লাভলীনা আৰু ভাগ্যৱতীয়ে

DslVA0lVsAA4KqM

লাভলীনা বৰগোহাঁইৰ ফাইল ফটো।

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত আৰম্ভ হোৱা দ্বিতীয় ইণ্ডিয়া অ’পেন বক্সিং প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিৰ বিৰুদ্ধে ৰিঙত উঠাৰ পূৰ্বে পদক নিশ্চিত কৰিছে অসমৰ দুই তাৰকা মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু ভাগ্যৱতী কাছাৰীয়ে।

লাভলীনা আৰু ভাগ্যৱতীৰ উপৰিও ভাৰতৰ আন দহগৰাকী বক্সাৰে প্ৰতিযোগিতাখনত ৰিঙত ননমাকৈয়ে পদক নিশ্চিত কৰিছে। প্ৰতিযোগিতাখনত লাভলীনাই ৬৯ কোজি শাখাত আৰু ভাগ্যৱতীয়ে ৭৫ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছে।

উল্লেখযোগ্য যে, তেওঁলোকৰ শাখাত প্ৰতিদ্বন্দ্বী খেলুৱৈ নথকা বাবে ‘বাই’ লাভ কৰিছে অসমৰ জীয়ৰী দুগৰাকীয়ে। এতিয়া দুয়ো পোনে পোনে ছেমি ফাইনেলৰ পৰা প্ৰতিযোগিতাৰ আৰম্ভণি কৰিব।

আনহাতে, প্ৰতিযোগিতাখনত বাই লাভ কৰি ছেমিফাইনেলত উপনীত হ’লেও ঘৰুৱা দৰ্শকৰ সন্মুখত সোণৰ পদক দখল কৰাৰ বাবে উৎসাহী হৈ আছে তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে।

তদুপৰি ভাৰতীয় বক্সিং দলৰ প্ৰশিক্ষকগৰাকীও প্ৰতিযোগিতাখনত লাভলীনা আৰু শিৱৰ প্ৰদৰ্শনক লৈ যথেষ্ট আশাবাদী হৈ আছে।