GMCHৰ গাফিলতিৰ বাবে মোৰ স্বামীৰ মৃত্যু হ’ল: কোভিড আক্ৰান্ত মৃতকৰ পত্নীৰ ভয়ংকৰ অভিযোগ

GMCH কাণ্ড : প্ৰথমে পজিটিভ, এদিনৰ পাছত ফলাফল নিগেটিভ, ব্যক্তিগত চিকিৎসালয়ত আকৌ পজিটিভ!

5b4f6cdd8d8e7884f6a4b24ef63c00cf-750x375

প্ৰতিনিধিত্বমূলক ফটো।

পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল।

GMCHৰ গাফিলতিৰ বাবেই মহানগৰীৰ জাপৰিগোগৰ শিৱ ৰাম শৰ্মা (৫৪) নামৰ কোভিড আক্ৰান্ত লোকজনে মৃত্যুক আঁকোৱালি লোৱা বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ পত্নী নমিতা শৰ্মাই।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত মৃত শৰ্মাৰ পত্নীয়ে জনায় যে শিৱ ৰাম শৰ্মা যোৱা ২৪ জুনত নিজে গৈ GMCHত স্বাৱ টেষ্টৰ বাবে নমুনা  দিছিলগৈ।

তাৰ পাছদিনা অৰ্থাৎ যোৱা ২৫ জুনত শৰ্মাৰ পজিটিভ অহা বুলি GMCH কর্তৃপক্ষৰ কোনোৱে ফোন কৰি জনায় বুলি নমিতাই আমাৰ সাংবাদিকৰ আগত কয়।

তাৰ পাছত সেই পৰীক্ষাত কিছু খেলি মেলি হোৱাৰ বাবে পুনৰাই পৰীক্ষা কৰা হ’ব বুলি জনায়।

অতি ৰহস্যজনকভাৱে GMCH কর্তৃপক্ষই ২৫ জুনত অহা পজিটিভ ৰিজাল্ট ২৬ জুনত নিগেটিভ বুলি তেওঁলোকক জনায়।

ইপিনে, ২৫ জুনত পজিটিভ ওলোৱাৰ পাছত কোনোধৰণৰ ১০৮ বাহন বা স্বাস্থ্যকৰ্মীয়ে শৰ্মাক চিকিৎসালয়ৰ পৰা নিবলৈ নাহিল বুলি পত্নী নমিতা শৰ্মাই অভিযোগ তোলে।

“২৬ জুনত এগৰাকী স্বাস্থ্য কৰ্মীয়ে আমাক নিগেটিভ ৰিজাল্টটো দি যোৱাৰ পাছত আমি তেওঁক পোনে পোনে এপ’ল’ হস্পিতাললৈ নিও। তাত কোভিডৰ ৰিপোৰ্টতো চালে যদিও তাত ভৰ্তি নকৰালে। তাৰ পাছত চিকিৎসাৰ বাবে তেওঁক মিডলেণ্ড হস্পিতালত ভৰ্তি কৰোৱা হয়। সকলো পৰীক্ষা কৰি তেওঁৰ নিমুউনীয়া হোৱা বুলি চিকিৎসকে কয়। তেওঁ উশাহ লোৱাত বহুত কষ্ট হৈছিল বাবে অক্সিজেন দি ৰখা হৈছিল।” শৰ্মাৰ পত্নীয়ে আমাৰ সাংবাদিকৰ আগত কয়।

যোৱা ২৮ জুনত শৰ্মা গুৰুতৰভাবে অসুস্থ হোৱাত তেওঁক চিকিৎসালয়ৰ ICU ত ভৰ্তি কৰোৱা হয় বুলি তেওঁ কয়।

তাৰ পাছত চিকিৎসালয়খনৰ চিকিৎসকে শৰ্মাৰ পুনৰ কোভিড টেষ্ট কৰায়। তেওঁৰ পত্নী প্ৰথমতে অৱগত নাছিল যদিও আমাৰ হাতত পৰা তথ্য অনুসৰি তেওঁৰ কোভিড-১৯ পজিটিভ ওলায়।

শিৱৰাম শৰ্মাৰ কোভিড-১৯ পজিটিভৰ ফলাফল।

ইপিনে, শৰ্মা সুস্থ হৈ নুঠাত যোৱা ৩০ জুনত তেওঁক আয়ুৰসুন্দ্ৰা মেডিকেলত নিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। আয়ুৰসুন্দ্ৰা হস্পিতাললৈ স্থানান্তৰিত কৰাৰ সময়ত শৰ্মাৰ শাৰীৰিক অৱস্থা একেবাৰে বেয়া আছিল।

যোৱা ১ জুনৰ দিনা শৰ্মাৰ আয়ুৰসুন্দ্ৰা হস্পিতালত মৃত্যু হয়।

তাৎপৰ্যপূৰ্ণভাৱে তেওঁৰ মৃত্যুৰ পাছত পত্নী নমিতাক তেওঁৰ ভিনিহিয়েকে ফোন কৰি মৃতদেহ ঘৰলৈ আনিব নালাগে বুলি কয়।

“মোক ভিনিহিয়ে তেনেকৈ কোৱাত মই কিয় নিব নোৱাৰিম বুলি সুধিলো। তেতিয়া তেওঁ ক’লে যে শিৱ কোভিড-১৯ পজিটিভ। যদি কোভিড পজিটিভ তেন্তে মোবাইলত মিডলেণ্ডৰ পৰা কোনোধৰণৰ ফোন মেছেজ অহা নাছিল।”

ইপিনে, মৃতদেহ সৎকাৰ অথবা মৰ্গত ৰখাক লৈয়ো হাৰাশাস্তিৰ সন্মুখীন হয় শৰ্মাৰ পত্নী নমিতা।

“যিখন ব্যক্তিগত এম্বুলেঞ্চত মোৰ স্বামীৰ মৃতদেহ নিয়া হৈছিল সেইখনে আয়ুৰসুন্দ্ৰাৰ পৰা GMCH লৈকে ১৩০০০ টকা লৈছে। GMCH ত মৃতদেহটো নাৰাখে জিলা উপায়ুক্তৰ চহী লাগিব বুলি নিশা ২ বজাত কাছাৰীলৈকে পঠালে। কিন্তু নিশা বেছি হোৱা বাবে জিলা উপায়ুক্তৰ চহী ল’ব নোৱাৰিলে। আনকি মৃতদেহটো নমাবলৈও কোনো মানুহ নাছিল। বেলেগৰ পৰা পিপিই কীট পিন্ধি ল’ৰা কেইটামান আহি বেলেগ এখন এম্বুলেঞ্চত মৃতদেহটো লৈ পাছত মোক অকলে এখন গাড়ীত পাহাৰৰ মাজে মাজে লৈ গৈছে। তাত ভঙা ঘৰ এটাত ডাষ্টবিনৰ নিচিনা ঠাইত  ৰাখিলে। সেইটো মৰ্গ নহয়। মোক তাতো মৃতদেহ নমোৱাৰ বাবদ ৪০০ টকা বিচাৰিছে।”

তাৎপৰ্যপূৰ্ণভাৱে বৰ্তমানলৈকে মৃতদেহটো কোনোধৰণৰ সৎকাৰৰ ব্যৱস্থা কৰা নাই বুলি নমিতাই আমাৰ সাংবাদিকক জনায়।

“কালি মোক নিশা ৭:৩০ মান বজাত GMCH ৰ পৰা ফোন কৰি মাতিছে মৃতদেহটো চমজি ল’বলৈ। কোভিড ৰোগী তেনেকৈ চমজাই দিয়ে নেকি?  কিন্তু প্ৰশাসনৰ ফালৰ পৰা অন্তেষ্টিক্ৰিয়াৰ কোনো ব্যৱস্থা কৰা নাই।”

তেওঁ আৰু কয়, “GMCH ৰ গাফিলতিৰ বাবে মোৰ মানুহজনৰ মৃত্যু হ’ল। যদি GMCH কৰ্তৃপক্ষই স্বাৱ পৰীক্ষাত খেলি মেলি নকৰি তেওঁক ২৫ জুনত চিকিৎসালয়ত ভৰ্তি কৰাই কোভিড চিকিৎসা কৰালেহেঁতেন তেন্তে তেওঁৰ মৃত্যু নহ’লহেঁতেন।

উপৰোক্ত মহিলাগৰাকীয়ে কৰা অভিযোগবোৰ যদি সঁচা হয় তেন্তে স্বাভাৱিকতে বহুকেইটা প্ৰশ্ন হয় :

১) GMCH ত কোভিডৰ নামত প্ৰকৃততে চলিছে কি?

২) কিয় GMCH ত প্ৰথমে পজিটিভ ৰিজাল্ট ওলাই পাছত পুনৰ নিগেটিভ আহি আকৌ ব্যক্তিগত চিকিৎসালয়ত পজিটিভ ওলাল?

৩) স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোভিড ৰোগীক ঘিণ নকৰিবলৈ আহ্বান জনাই অহাৰ সময়ত বা নিজে কোভিড ৰোগীৰ অন্তেষ্টিক্ৰিয়া অনুষ্ঠানত ভাগ লোৱাৰ পাছতো বৰ্তমানো কিয় মৰ্গত পৰি ৰ’বলগীয়া হৈছে শৰ্মাৰ মৃতদেহ?

৪) কিয় চাৰি দিন পাছতো শিৱ ৰাম শৰ্মাৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ ব্যৱস্থা নকৰিলে কামৰূপ মহানগৰ জিলা প্ৰশাসনে?

৫) মৃত্যুৰ ৪ দিনৰ পাছতো কিয় স্বাস্থ্য বিভাগে বৰ্তমানলৈকে আনুষ্ঠানিক ঘোষণা কৰা নাই?

এই প্ৰশ্ন সমূহৰ উত্তৰ আছে নে স্বাস্থ্য বিভাগৰ দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত?