বোকাখাতৰ বৰজুৰিত হত্যাকাণ্ড; স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ

হত্যাকাৰী দেবাৰু হাদচা।

বোকাখাতৰ বৰজুৰিত বৃহস্পতিবাৰে এক লোমহৰ্ষক হত্যাকাণ্ড সংঘৰ্টিত হয় ৷ বৰজুৰি বস্তিৰ দেবাৰু হাদচা নামৰ লোকজনে মৰিয়াই হত্যা কৰে নিজৰেই পত্নী পুৰ্ণিমা হাদচাক ৷

পাৰিবাৰিক কন্দলৰ পৰিণতিতেই পুৰ্ণিমাই স্বামীৰ হাতত প্ৰাণ দিব ল’গা হ’ল ৷

স্থানীয় লোকৰ মতে দেবাৰু হাদচা আৰু পত্নী পুৰ্ণিমাৰ মাজত প্ৰতিদিনেই কন্দলৰ সৃষ্টি হয়৷ কালিও দুয়োৰে মাজত সৃষ্টি হোৱা কন্দলৰ বাবেই দেবাৰুয়ে মৰিয়াই হত্যা কৰে পত্নী পুৰ্ণিমা হাদচাক ৷

লগতে পঢ়ক: মাদ্ৰাছা শিক্ষকৰ বিৰুদ্ধে পত্নীক তলা বন্ধ কৰি ৰাখি শাৰীৰিক,মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ

ঘটনাৰ পিচতেই বোকাখাত আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী স্বামী দেবাৰু হাদচাক ৷ দেবাৰু হাদচা এজন দৈনিক মজুৰি কৰা লোক ৷ পকা মিস্ত্ৰিৰ সৈতে তেওঁ কাম কৰে ৷