উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত অটুট থাকিল ২০১৭চনত বিদেশী ঘোষিত মহিলাৰ নাগৰিকত্ব

বিগত ২০১৭চন বিদেশী বুলি ঘোষিত শিলচৰৰ এগৰাকী মহিলাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত যোৱা সপ্তাহত ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰা হয়।

শেফালী ৰাণী দাস মহিলাগৰাকীক যোৱা ২০১৭চনৰ ১৯ ছেপ্টেম্বৰত বিদেশী ন্যায়াধীশকৰণ -৬য়ে বিদেশী বুলি ঘোষণা কৰিছিল।

মহিলাগৰাকী কাছাৰ জিলাৰ সোনাইৰ মোহনখালৰ গাঁৱৰ বাসিন্দা।

মহিলাগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখ আবেদনৰ পাছত আদালতখনে যোৱা ২০২১ৰ জুলাইত ৰায়দান স্থগিত ৰাখি মহিলাগৰাকীক তেওঁৰ নাগৰিকত্ব প্ৰমান কৰাৰ অনুমতি দিয়ে।

লগতে পঢ়ক: মৃতদেহ সলনি; অসম মেডিকেল কলেজ হাস্পাতালত মৃতকৰ আত্মীয়ক দিলে আন মৃতদেহ

মহিলাগৰাকীয়ে শিলচৰৰ বিদেশী ন্যয়াধীকৰণৰ আগত তেওঁৰ নাগৰিকত্বৰ প্ৰমান দাঙি ধৰিছিল।

যোৱা সপ্তাহত তেওঁৰ গোচৰটোৰ শুনানি ন্যায়াধীকৰণে গ্ৰহণ কৰে আৰু দাসক যথাযোগ্য প্ৰমান দাঙি ধৰাৰ ভিত্তিত ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰে।

ন্যায়াধীকৰণৰ এগৰাকী সদস্য(ন্যায়াধীশ) ধৰ্মানন্দ দেবে তেওঁৰ মন্তব্যত লিখিছে,’’তেওঁ আইন অনুসৰি স্পষ্টকৈ ১৯৭১চনৰ ২৫মাৰ্চৰ পূৰ্বে তেওঁৰ ককাদেউতাক ভাৰতীয় ভূমিত থকাৰ প্ৰমান দাঙি থৰাৰ লগতে তেওঁৰ পিতৃৰ তথা নিজৰ সম্পৰ্কৰ বৈধ নথি প্ৰদান কৰিছে।‘’

ইপিনে, দাসে দাবী কৰে যে তেওঁৰ অধিবক্তাৰ পৰা ‘সঠিক আইনী পৰামৰ্শ’ নোপোৱাৰ বাবে ২০১৭চনত তেওঁ শুনানিত উপস্থিত হ’ব পৰা নাছিল।

লগতে পঢ়ক:লিডুত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ; প্ৰকৃত তথ্য বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত

তেওঁ লগতে দাবী কৰে যে তেওঁ ‘আইনী ব্যৱস্থাসমূহৰ প্ৰতি ভালদৰে অৱগত নাছিল।‘  

তেওঁ পাঁচটাকৈ তাৰিখত বিদেশী ন্যায়াধীকৰণৰ সন্মুখত উপস্থিত থকাত ব্যৰ্থ হোৱাৰ পাছত তেওঁক এগৰাকী বিদেশী নাগৰিক বুলি ঘোষণা কৰা হৈছিল।