কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মৃত্যুক সাৱটিলে মহিলাই, চৰকাৰৰ তদন্তৰ আশ্বাস, ক’ত?

wo

দেশজুৰি কোভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী জোৰদাৰ ৰূপত চলি থকাৰ মাজতে ভেকচিন গ্ৰহণৰ পিছতে এগৰাকী মহিলাৰ মৃত্যু ঘটা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মণিপুৰৰ চাংগাইয়ুমফাই স্বাস্থ্য কেন্দ্ৰত কোভিশ্বিল্ড ভেকচিন গ্ৰহণৰ পিছতে অসুস্থ হৈ পৰে ৰাজ্য খনৰ থৌবাল জিলাৰ কিৰণবালা দেৱী নামৰ ৩৭ বছৰীয়া মহিলাগৰাকী।

তেওঁক লগে লগে থৈবাল জিলাৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ মৃত্যু ঘটে।

পেছাত শিক্ষয়িত্ৰী মহিলাগৰাকীয়ে ভেকচিন গ্ৰহণৰ পিছতে মৃতচ্যুক সাৱটি লোৱাৰ কথাই বহুতকে হতভম্ব কৰিছে।মহিলাগৰাকীৰ এটি সাতমহীয়া শিশুও আছে।

মহিলাগৰাকীৰ পৰিয়ালে ভেকচিন গ্ৰহণৰ বাবেই তেওঁৰ মৃত্যু ঘটা বুলি অভিযোগ কৰিছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মহিলাগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

মণিপুৰৰ চৰকাৰে সমগ্ৰ বিষয়টো তদন্ত কৰোৱাৰ আশ্বাস প্ৰদান কৰিছে।

তদন্তৰ বাবে এজনীয়া তদন্ত কমিটি গঠন কৰা হ’ব বুলিও চৰকাৰে প্ৰকাশ কৰিছে। মহিলাগৰাকীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা ইম্ফলৰ জেএনআইএমএচত সম্পন্ন কৰা হ’ব।