NORTHEAST NOW (Assamese)

বেংকৰ চাকৰি দিয়াৰ প্ৰলোভনেৰে দলবদ্ধ ধৰ্ষণ যুৱতীক; মূল অভিযুক্ত যুৱতীৰ ইনষ্টাগ্ৰামৰ বন্ধু

June 17, 2024 11:53 am · এন ই নাও নিউজ, নতুন দিল্লী
প্ৰতিনিধিত্বমূলক ফটো।

বেংকত চাকৰি দিয়াৰ প্ৰলোভনেৰে এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে দুজন যুৱকৰ বিৰুদ্ধে। উত্তৰ প্ৰদেশৰ ছামলী জিলাত সংঘটিত হৈছে এই ঘটনা।

যুৱতীগৰাকীয়ে আৰক্ষীক জনোৱা মতে ইনষ্টাগ্ৰামত মূল অভিযুক্তৰ সৈতে তেওঁৰ পৰিচয় হৈছিল। যুৱতীগৰাকীক তেওঁ  বেংকত কাম কৰি থকা বুলি জনাইছিল। তাৰ পিছত সেই বেংকত চাকৰি এটা যোগাৰ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেইমতে যুৱতীগৰাকীক ডেৰাডুনলৈ মাতি পঠায়।

যুৱতীগৰাকী মীৰাটৰ বাসিন্দা। মূল অভিযুক্তই তেওঁৰ এজন বন্ধুক যুৱতীগৰাকীক ডেৰাডুনলৈ আনিবলৈ পঠিয়াইছিল। ডেৰাডুন পোৱাৰ পিছতো সেই যুৱকজনে যুৱতীগৰাকীক লগ পোৱা নাছিল।

পিছত উত্তৰ প্ৰদেশৰ থানাভবনত যুৱতীগৰাকীক লগ ধৰে। যুৱতীগৰাকীয়ে অভিযোগ কৰে যে দুই বন্ধুৱে শীতল পানীয়ত নিচাযুক্ত দ্ৰব্য মিহলাই তেওঁক  খুৱাইছিল। চেতনা হেৰুৱাৰ পিছত হোটেললৈ নি যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে।

এই ঘটনাৰ পিছতে যুৱতীগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related News