ৰাজধানীতে অসুৰক্ষিত নাৰী: নিচাজাতীয় দ্ৰব্য পান কৰাই মহিলাক দলবদ্ধ ধৰ্ষণ তিনি দুৰ্বৃত্তৰ

Gang-Raped In Delhi Hotel

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ তথা ধৰ্ষণৰ দৰে নিকৃষ্ট কাণ্ড। দেশৰ আন প্ৰান্তত বাদেই, ৰাজধানী চহৰতেই সুৰক্ষাবিহীন হৈ পৰিছে মহিলাসকল। ইটোৰ পিছত সিটোকৈ নিয়মিত সংঘটিত ধৰ্ষণৰ ঘটনাই দেশৰ নাৰী সুৰক্ষাৰ ব্যৰ্থতাক উদঙাই দিয়াৰ সময়তে দিল্লীত সংঘটিত এক দলবদ্ধ ধৰ্ষণ কাণ্ড সম্প্ৰতি পোহৰলৈ আহিছে।

প্ৰকাশিত খবৰ অনুসৰি, উত্তৰ-পশ্চিম দিল্লীৰ আদৰ্শ নগৰৰ এখন হোটেলৰ কোঠাৰ ভিতৰত এগৰাকী ৩২ বছৰীয়া মহিলাক নিচাজাতীয় দ্ৰব্য পান কৰাই তিনি দুৰ্বৃত্তই ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জিলাখনৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে গত দেওবাৰে আদৰ্শ নগৰ আৰক্ষী থানাত এটা ফোনকল যোগে এই ঘটনাৰ বিষয়ে অৱগত কৰা হৈছিল।

ফোন যোগে মহিলাগৰাকীয়ে আৰক্ষীক দিয়া ভাষ্য মতে তেওঁৰ পৰিচিত অজয় নামৰ এগৰাকী ব্যক্তিয়ে তেওঁক দেওবাৰে এখন হোটেলৰ কোঠালৈ আমন্ত্ৰণ জনাইছিল। আমন্ত্ৰণ ৰক্ষা কৰি মহিলাগৰাকী হোটেলখনলৈ যায় আৰু হোটেলৰ কোঠাত অজয়ৰ দুগৰাকী বন্ধুকো উপস্থিত থকা দেখিবলৈ পায়।

কিছুসময় কথা-বতৰাৰ পাছতে তেওঁলোকে মহিলাগৰাকীক এটা গিলাচত পানীয় আগবঢ়াই দিয়ে। কিন্তু এই পানীয় পান কৰাৰ পিছতে মহিলাগৰাকী অজ্ঞান হৈ পৰে। ইয়াৰ পিছত তিনিও দুৰ্বৃত্তই মহিলাগৰাকীক উপৰ্যুপুৰি ধৰ্ষণ কৰে বুলি মহিলাগৰাকীয়ে অভিযোগ কৰিছে।

মহিলাগৰাকীৰ বিবৃতি আৰু মেডিকো-লিগেল কেচ (MLC)ৰ প্ৰতিবেদনৰ আধাৰত স্থানীয় আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ডি, ৩৭৭ আৰু ৩২৮ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হয়।

ইতিমধ্যে তিনিও অভিযুক্ত অজয় (৩৯), তাৰা চান্দ (৩৪) আৰু নৰেশ (৩৮) ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মহিলাগৰাকীয়ে উল্লেখ কৰা হোটেলখনৰ পৰা নমুনা সংগ্ৰহ কৰাৰ লগতে ঘটনাৰ অনুসন্ধান চলাই থকা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে।