ধুমুহাত ঘৰত ওপৰত গছ পৰি মৃত্যু মাতৃৰ : দৈৱাৎ ৰক্ষা পৰিল কাষতে শুই থকা সন্তান

কাছাৰত প্ৰচণ্ড ধুমুহাৰ সময়ত এজোপা গছ উভালি ঘৰৰ ওপৰত পৰাৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হৈছে। 

কালি নিশা কাছাৰৰ ঢলাইৰ ৰাজঘাট অঞ্চলত বলা ধুমুহাৰ সময়ত মহিলাগৰাকীৰ ঘৰৰ ওপৰত এডাল প্ৰকাণ্ড গছ ভাঙি পৰে।

গছডাল বাগৰি পৰাৰ সময়ত মহিলাগৰাকীয়ে ঘৰৰ ভিতৰত শুই আছিল। 

জানিব পৰা মতে, ৩৫ বছৰীয়া মহিলাগৰাকীয়ে কাষতে নিজৰ কণমানি সন্তানক লৈ শুই থকা অৱস্থাত বিশাল গছজোপা তেওঁলোকৰ ঘৰৰ ওপৰত পৰি যায়। কিন্তু মহিলাগৰাকীৰ মৃত্যু হয় যদিও দৈৱাৎ শিশুটিৰ জীৱন ৰক্ষা পৰে।

উল্লেখ্য যে দেওবাৰে নিশা হোৱা ধুমুহাৰ ফলত অসমৰ বিভিন্ন ঠাইত ক্ষতিগ্ৰস্ত হৈছে। তীব্ৰ ধুমহা বৰষুণৰ সময়ত এক কিলোগ্ৰামৰ পৰা পাঁচ কিলোগ্ৰাম পৰ্যন্ত বিশাল আকাৰৰ শিল পৰাৰো খবৰ পোৱা গৈছে।