স্বামীক হত্যা কৰি শোৱনি কোঠাত পুতি থ’লে পত্নীয়ে : আৰক্ষীয়ে কৰিলে উদ্ধাৰ

Woman-kills-husband-750x375

এগৰাকী মহিলাই নিজৰ স্বামীক হত্যা কৰি শোৱনি কোঠাত পুতি থোৱাৰ এক চাঞ্চল্যকৰ খবৰে আহিছে সংবাদ মাধ্যমলৈ।

ঘটনাটো ঘটিছে ত্ৰিপুৰাৰ ঢেলাই জিলাত।

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ নিলগৰ ঢেলাই জিলাৰ গণ্ডাচেৰা মহকুমাৰ জগবন্ধু নামৰ ঠাইত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি জগবন্ধু গাঁৱৰ সঞ্জিত ৰিয়াঙ(৩০) বছৰীয়া লোকজনক পত্নী ভাৰতী ৰিয়াঙে(২৫) হত্যা কৰি শোৱনি কোঠাত পুতি থৈছিল।

আৰক্ষীৰ মতে লোমৰ্ষক এই ঘটনাটো সংঘটিত হৈছিল যোৱা বৃহস্পতিবাৰে সন্ধিয়া।

স্বামীক হত্যা কৰি শোৱনি কোঠাত পুতি থৈ ভাৰতী ৰিয়াঙে ৰাইশ্যবাৰী থানাত উপস্থিত হৈ স্বামীহন্থাৰ কথা স্বীকাৰ কৰি আত্মসম্পৰ্ণ কৰে।

কিন্তু ৰাইশ্যবাৰী আৰক্ষী থানাই ঘটনাটো সংঘটিত গাঁওখন তেওঁলোকৰ অন্তৰ্গত নোহোৱাত গাণ্ডাচেৰা আৰক্ষী থানাৰ সৈতে ততালিকে ঘটনাৰ সন্দৰ্ভত যোগাযোগ কৰে।

খবৰ পোৱা মাত্ৰকে গাণ্ডাচেৰা আৰক্ষী ঘটনাস্থলীলৈ ৰাওনা হয় আৰু পুতি থোৱাৰ অৱস্থাৰ পৰা সঞ্জিত ৰিয়াঙৰ মৃতদেহটো উদ্ধাৰ কৰে।

মহিলা গৰাকীয়ে স্বামী মূৰত গধুৰ বস্তুৰে আঘাত কৰাৰ ফলতে স্বামীৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

জানিব পৰা মতে দম্পতী হালৰ এজনী ৬ বছৰীয়া কন্যাও আছে।

কি কাৰণত পত্নীয়ে স্বামীক হত্যা কৰিলে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।