NORTHEAST NOW (Assamese)

বৰপেটাত মহিলা অধিবক্তাক ছুৰীকাঘাত কৰি হত্যা

March 22, 2022 5:14 pm · এন ই নাও নিউজ, গুৱাহাটী
মৃত অধিবক্তা গৰাকী

সোমবাৰে সন্ধিয়া বৰপেটাৰ বিলোৰটাৰী হাটিত এগৰাকী মহিলা অধিবক্তাক তিনিজন অচিনাক্ত দুৰ্বৃত্তই ছুৰীকাঘাত কৰি হত্যা কৰে।

মৃত অধিবক্তা গৰাকীক বৰপেটা জিলাৰ বনবাৰীয়া গাঁৱৰ বাসিন্দা ৰিনিমা বেগম বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, ৰিনিমা বেগমে বৰপেটা চহৰৰ আজাদ নগৰত থকা তেওঁৰ ডাঙৰ ভগ্নীৰ সৈতে পথেৰে খোজকাঢ়ি গৈ থাকোঁতেই এই ঘটনা সংঘটিত হৈছিল।

যোৱা কেইসপ্তাহমান ধৰি অসুস্থ হৈ থকা ভগ্নীৰ সৈতে অধিবক্তা গৰাকী বৰপেটা চহৰৰ এখন ক্লিনিকৰ চিকিৎসকৰ ওচৰলৈ গৈছিল আৰু তেতিয়াই ৰিনিমাক তিনিজন বাইক আৰোহী দুৰ্বৃত্তই তীক্ষ্ণ অস্ত্ৰৰে আক্ৰমণ কৰিছিল।

সংকটজনক অৱস্থাত অধিবক্তা গৰাকীক তৎক্ষণাৎ বৰপেটা চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

অধিবক্তা গৰাকীৰ হত্যাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ইফালে, অপৰাধ সংঘটিত কৰি দুৰ্বৃত্ত কেইজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

Related News