মহাৰাষ্ট্ৰৰ গাডচিৰৌলিৰ বিদৰ্ভ অঞ্চলৰ ১১জন মাওবাদী নেতাই বুধবাৰে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিশৰ ওচৰত আত্মসমৰ্পণ কৰে। কিষেনজীৰ ভাই বোৱাৰী বিমলা চান্দ সিদাম ওৰফে তাৰাক্কাও এই ১১ জন লোকৰ ভিতৰত আছে। তেওঁ পিপলছ লিবাৰেচন গেৰিলা আৰ্মীৰ অধিনায়ক হিচাপে পৰিচিত। তেওঁৰ আত্মসমৰ্পণক ৰাজ্যৰ বাবে এক বৃহৎ সাফল্য বুলি গণ্য কৰা হৈছে।
মহাৰাষ্ট্ৰ আৰক্ষীৰ তথ্য অনুসৰি মাওবাদী সশস্ত্ৰ বাহিনী পিএলজিএ বা পিপলছ লিবাৰেচন গেৰিলা আৰ্মিৰ অধিনায়ক তথা দণ্ডকাৰণ্য মণ্ডল সমিতিৰ নেত্ৰী বিমলা বিগত ৩৮ বছৰ ধৰি সশস্ত্ৰ নক্সালবাদী কাৰ্যকলাপত জড়িত হৈ আছিল।
তেওঁ চি পি আই (এম এল) পি ডব্লিউ জিৰ হাত ধৰি ১৯৮৩ চনৰ ‘সশস্ত্ৰ বিপ্লৱ’ত যোগদান কৰে। সংগঠনটোৰ ভিতৰত ক্ষন্তেকতে কিষেনজী অৰ্থাৎ নিহত মাওবাদী নেতা মল্লোজুলা কোটেশ্বৰ ৰাওৰ আস্থাভাজন হৈ পৰে।
ডেৰ দশক পূৰ্বে ২০১১ চনত পশ্চিমবংগত যৌথ বাহিনীয়ে কিষেনজীক হত্যা কৰিছিল। সেই সময়ত বিমলাৰ স্বামী বেনুগোপাল আছিল সংগঠনটোৰ প্ৰথম শাৰীৰ নেতা।
মহাৰাষ্ট্ৰ আৰক্ষীৰ তথ্য অনুসৰি এই নেতাজন গাডচিৰৌলি আৰু ছত্তীশগড়কে ধৰি বিভিন্ন জিলাত কেইবাটাও কূটাঘাতমূলক কাণ্ডত জড়িত আছিল। গাডচিৰৌলি আৰক্ষীৰ আউটপোষ্টত বিস্ফোৰণ ঘটাই ১৮ জন লোকক হত্যা কৰাৰ আঁৰতো তেওঁৰ হাত আছিল।
শেহতীয়াকৈ মহাৰাষ্ট্ৰ আৰক্ষীয়ে তেওঁৰ মূৰৰ মূল্য ২ কোটি টকা নিৰ্দ্ধাৰণ কৰিছিল। এই ঘটনাৰ পিছত ফাড়নৱিশে কয় যে ‘মহাৰাষ্ট্ৰ অতি সোনকালে মাওবাদী মুক্ত হ’ব।’