চাঞ্চল্য! আন যুৱতীৰে ফোনত কথা পতাৰ বাবেই বয়ফ্ৰেণ্ডৰ ডিঙি কাটি হত্যা কৰিলে গাৰ্লফ্ৰেণ্ডে, ক’ত?
আন যুৱতীৰে প্ৰেমৰ সন্দেহত বয়ফ্ৰেণ্ডৰ ডিঙি কাটি হত্যা কৰিলে তেওঁৰ গাৰ্লফ্ৰেণ্ডে।
উত্তৰ প্ৰদেশৰ সীতাপুৰৰ লহৰপুৰ থানাৰ অন্তৰ্গত এক অঞ্চলত যোৱা সোমবাৰে সংঘটিত হৈছে এই হত্যাকাণ্ড।
আন এক যুৱতীৰ স’তে ফোন কথা পতাৰ বাবেই বয়ফ্ৰেণ্ড ৰাজেশৰ (২৮) ডিঙি কাটি হত্যা কৰিলে ৰজনী (৩৫) নামৰ গাৰ্লফ্ৰেণ্ডজনীয়ে।
ইতিমধ্যে আৰক্ষীয়ে ৰজনীক গ্ৰেপ্তাৰ কৰিছে।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুযায়ী, যোৱা তিনি বছৰ ধৰি সম্পৰ্কত আছিল ৰাজেশ আৰু ৰজনী।
ৰাজেশে এখন দোকানত কাম কৰে আৰু ৰজনীক দামী উপহাৰ কিনি দিয়ে।
কিন্তু তেওঁ আন এক যুৱতীৰে সন্দেহ কৰি ৰজনীয়ে কাজিয়া আৰম্ভ কৰে।
অৱশেষত ৰাজেশৰ ডিঙি কাটি হত্যা কৰে ৰজনীয়ে।
চিকিৎসালয়ত চিকিৎসকসকলে ৰাজেশক মৃত বুলি ঘোষণা কৰিছে।
আৰক্ষীয়ে জানিবলৈ দিয়ামতে, যেতিয়া ৰজনীয়ে জানিব বিচাৰে যে ৰাজেশে কাৰ স’তে কথা পাতি আছিল, তেতিয়া ৰাজেশে ৰজনীক অৱজ্ঞা কৰিছিল, যাৰ ফলশ্ৰুতিত ৰজনীৰ ধৈৰ্যৰ সীমা চেৰাই যায় আৰু এখন ছুৰিৰে ডিঙি কাটি পেলায়।
প্ৰচুৰ ৰক্তক্ষৰণ হৈ মাটিত ৰাজেশ পৰি যোৱাৰ পাছতে গাঁওবাসী ঢপলিয়াই আহে আহে আৰু কাষৰে স্বাস্থ্যকেন্দ্ৰ এটালৈ লৈ যায়।
আৰক্ষীয়ে জনোৱামতে, তাতে তেওঁৰ মৃত্যু হয়।